Ankuran-5|Chapter-3
পাঠ-০৩|অংকুৰণঃ অৰূপৰ আৱেদন|৫ম শ্ৰেণী
উত্তৰ দিয়া -
(ক) অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল?
উত্তৰঃ অৰূপে গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিল। খাই অহাৰ পৰাই অৰুপৰ পেট-চলা আৰম্ভ হৈছিল। মা-দেউতাখঁতে কিবা-কিবি খুৱাইছিল কিন্তু পেট-চলা বন্ধ নহ’ল। শেষত ডাক্তৰক দেখুৱাই চেলাইন দিবলগীয়া হৈছিল। দুৰ্বল হৈ থকা বাবে অৰূপ কেইবাদিনো স্কুলত অনুপস্থিত আছিল।
(খ) অৰূপৰ পেট-চলা ৰোগ কিয় হৈছিল?
উত্তৰঃ গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ যোৱাৰ বাবে অৰূপৰ পেট-চলা ৰোগ হৈছিল।
(গ) অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল?
উত্তৰঃ অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে অৰূপ, তুমি লিখিত ভাৱে জনোৱাৰ বাবে ভাল পাইছোঁ। কিন্তু এই তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰীৰ বাবে আৱেদনহে কৰিব লাগে। আৱেদনক দৰ্খাস্ত বুলিও কোৱা হয়।
(ঘ) আৱেদনক আৰু কি বুলি কোৱা হয়?
উত্তৰঃ আৱেদনক দৰ্খাস্ত বুলিও কোৱা হয়।
(ঙ) অৰূপে পঢ়া স্কুলখনৰ নাম কি?
উত্তৰঃ অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়।
(চ) অৰূপে কি বিচাৰি আৱেদন কৰিছিল?
উত্তৰঃ অৰূপে ছুটী মঞ্জুৰি বিচাৰি আৱেদন কৰিছিল।
শব্দবোৰৰ অৰ্থ লিখোঁ আহা।
উত্তৰঃ
ব্যস্ত – কোনো এটা কামত লাগি থকা, কৰ্মব্যস্ত, প্ৰবৃত্ত, ব্যাপৃত, নিয়োজিত, নিযুক্ত।
খতি – কাম বন্ধ থকা, চলি নথকা, হানি, বন্ধ, কাৰ্য্যক্ষম হৈ নথকা বা চলন্ত অৱস্থাত নথকা, শৰীৰৰ কোনো অংগত থকা দোষ।
পেট-চলা – বেছিকৈ শৌচ কৰা ৰোগ, হাগনি, অতিসাৰ, উদৰাময়।
ছুটী – অৱসৰ, কামৰ পৰা লোৱা সাময়িক অব্যাহতি।
মঞ্জুৰ – অনুমতি অনুমোদন, সন্মতি, স্বীকৃতি, মান্তি, গ্ৰহণ।
একান্ত – একে ঠাইতে বা বস্তু মন লগোৱা, একাগ্ৰ, তন্ময়, তন্মনা, অনন্যমনা, তৎ-স্বৰূপ, মচগুল, নিৱিষ্ট, আপোন-পাহৰা, সমাহিত ।
শৈলী – ৰীতি, প্ৰণালী, ভংগী, কোনো সুনিৰ্দিষ্ট ধৰণ, চৰিত্ৰ বা কলাসন্মত পদ্ধতি।
শিৰোনামা – শীৰ্ষক, চিঠিৰ ওপৰত লিখা নাম, ঠিকনা আদি।
‘অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল খতি কৰিলা, কিবা অসুখ-বিসুখ হৈছিল নেকি?’ – এই প্ৰশ্নটো কোনে, কেতিয়া, কাক কৈছিল?
উত্তৰঃ ‘অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল খতি কৰিলা, কিবা অসুখ-বিসুখ হৈছিল নেকি?’ – এই প্ৰশ্নটো শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউৱে অৰূপক উদ্দেশি কৰিছিল। শ্ৰেণীকোঠাত সোমায়েই যেতিয়া বাইদেৱে বহুদিনৰ মূৰত অৰূপক দেখা পাইছিল, তেতিয়া ৰেহেনা খাতুন বাইদেউৱে উক্ত প্ৰশ্নটো কৰিছিল।
প্ৰশ্নঃ স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আৱেদন কৰিব লাগে?
উত্তৰঃ স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আৱেদন কৰিব লাগে।
প্ৰশ্নঃ অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আৱেদনখনৰ মাজত কি কি পাৰ্থক্য দেখিলা? কোৱা আৰু লিখা ।
উত্তৰঃ
অৰূপে লিখা পত্ৰ | বাইদেৱে শিকোৱা আৱেদন |
অৰূপে লিখা পত্ৰখন হ'ল চিঠি। | বাইদেৱে শিকোৱা পত্ৰখন হ'ল আৱেদন। |
অৰূপে লিখা পত্ৰখনত যি ঠাইৰ পৰা লিখা হৈছিল, সেই ঠাইৰ নাম উল্লেখ আছে। | বাইদেৱে শিকোৱা আৱেদন যি ঠাইৰ পৰা লিখা হৈছিল, সেই ঠাইৰ নাম উল্লেখ নাই। |
অৰূপে লিখা পত্ৰখন পোনে-পোনে বাইদেউলৈ লিখা হৈছে। | বাইদেৱে শিকোৱা আৱেদনখন শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ দিয়া হৈছে। |
অৰূপে লিখা পত্ৰখনত সম্বোধনৰ ওপৰৰ অংশত বিষয়ৰ স্পষ্ট উল্লেখ নাই। | বাইদেৱে শিকোৱা আৱেদনখনৰ সম্বোধনৰ ওপৰৰ অংশত বিষয়ৰ স্পষ্ট উল্লেখ আছে। |
অৰূপে লিখা পত্ৰখনৰ কথাখিনি সত্য বুলি অভিভাৱকে চহী কৰা নাই। | বাইদেৱে শিকোৱা আৱেদনখনৰ কথাখিনি সত্য বুলি অভিভাৱকে চহী কৰি দিয়া আছে। |
প্ৰশ্নঃ পাঠটিত থকা অতীত কাল বুজোৱা ক্রিয়া পদবোৰ বিচাৰি উলিয়াই লিখা ।
উত্তৰঃ পাঠটিত থকা অতীত কাল বুজুৱা শব্দবোৰ হৈছে- হৈছিল, গৈছিলোঁ, খুৱাইছিল, নাছিলোঁ, নোৱাৰিলোঁ,, জনালোঁ ইত্যাদি।
প্ৰশ্নঃ তলৰ বাক্য়বোৰৰ কাষত দুটাকৈ পদ দিয়া আছে। তাৰে এটাহে বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোত কটা চিন 'X' চিন দিয়া। তাৰ পাছত খাপ খোৱা পদটোৰে বাক্যটো পুনৰ লিখা।
মণিকা কালি স্কুললৈ উত্তৰঃমণিকা কালি স্কুললৈ আহিছিল। | আহিব X | আহিছিল |
(ক) মই কাইলৈ গুৱাহাটিলৈ উত্তৰঃ মই কাইলৈ গুৱাহাটিলৈ যাম। | যাম | গৈছিলোঁ X |
(খ) সৌৱা, চৰাইবোৰ আকাশত উত্তৰঃ সৌৱা, চৰাইবোৰ আকাশত উৰিছে। | উৰিছে | উৰিছিল X |
(গ) যোৱাবেলি আমাৰ ইয়াত বানপানী উত্তৰঃ যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল। | হ'ব X | হৈছিল |
(ঘ) আহা, আমি ঘৰলৈ উত্তৰঃ আহা, আমি ঘৰলৈ যাওঁ। | যাওঁ | গৈছিলো X |
(ঙ) মই কিতাপ উত্তৰঃ মই কিতাপ পঢ়ো। | পঢ়ো | পঢ়ে X |
(চ) তুমি কি উত্তৰঃ তুমি কি কৰিছা? | কৰিছে X | কৰিছা |
(ছ) তেওঁ ধান উত্তৰঃ তেওঁ ধান দাইছে। | দাইছা X | দাইছে |
(জ) আমি ছবি উত্তৰঃ আমি ছবি আঁকিছিলো। | আঁকিছিলো | আঁকিছিল X |
(ঝ) তোমালোকে গীত উত্তৰঃ তোমালোকে গীত গাইছিলা। | গাইছিল | গাইছিলা X |
(ঞ) তেওঁলোকে বল উত্তৰঃ তেওঁলোকে বল খেলিছিল। | খেলিছিল | খেলিছিলা X |
(ট) দেউতা আজি আহি উত্তৰঃ দেউতা আজি আহি পাব। | পাম X | পাব |
(ঠ) সিহঁতে কাইলৈ চিনেমা উত্তৰঃ সিহঁতে কাইলৈ চিনেমা চাব। | চাব | চাম X |
(ড) আমি বৰশী উত্তৰঃ আমি বৰশী বাম। | বাম | বাব X |
তোমালোকে লিখা শুদ্ধ বাক্যবোৰ কাল অনুসৰি ভাগে ভাগে লিখা।
অতীত কাল | বৰ্তমান কাল | ভৱিষ্যত কাল |
মণিকা কালি স্কুললৈ আহিছিল। | মই কিতাপ পঢ়ো। | মই কাইলৈ গুৱাহাটিলৈ যাম। |
যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল। | সৌৱা, চৰাইবোৰ আকাশত উৰিছে। | দেউতা আজি আহি পাব। |
আমি ছবি আঁকিছিলো। | আহা, আমি ঘৰলৈ যাওঁ। | সিহঁতে কাইলৈ চিনেমা চাব। |
তোমালোকে গীত গাইছিলা। | তুমি কি কৰিছা? | আমি বৰশী বাম। |
তেওঁলোকে বল খেলিছিল। | তেওঁ ধান দাইছে। |
|
প্ৰশ্নঃ তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পূৰোৱা।
(ক) যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিলোঁ।
আমাৰ লগত ছাৰ-বাইদেউসকলো গৈছিল।
বাটত তেখেতসকলে আমাক বৰ ভাল কথা কৈছিল।
মাজে মাজে আমি গান গাইছিলোঁ, স্ফূৰ্তি কৰিছিলোঁ আৰু কৌতূক শুনি হাঁহিছিলো।
(খ) পছোৱা বতাহ বলিছে। সৌৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি আছে। তেওঁলোকৰ কেইজনমানে হাউগুদু খেলিছে। আন কেইজনমানে চিলা উৰুৱাইছে। এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে। আন এজনে আঁহতৰ পাতেৰে টুপী সাজিছে।
(গ) মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব। তাত তেওঁ কেইদিনমান থাকিব। মাহীদেউৰ বিয়াৰ পাছতহে উভতি আহিব। আহোঁতে মোলৈ লাৰু-পিঠা আনিব।
শব্দ সাজি বাক্য ৰচনা কৰা।
অ | ৰূপ | অৰূপ | অৰূপে অখাদ্য খোৱাৰ বাবে অৰূপৰ পেটৰ অসুখ হৈছিল। |
সদ্য | অসহ্য | অসহ্য গৰমৰ বাবে ৰাহুল অচেতন হৈ পৰিছিল। | |
খাদ্য | অখাদ্য | অখাদ্য খোৱাটো স্বাস্থৰ | |
সুখ | অসুখ | অসুখ হোৱা বাবে অৰূপ স্কুললৈ নাহিল। | |
মিল | অমিল | প্ৰাচ্য আৰু পাশ্চাত্য সংস্কৃতিৰ মাজত বহোতো অমিল দেখা যায়। |
অনু | গ্ৰহ | অনুগ্ৰহ | অনুগ্ৰহ কৰি বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা দিনকেইটাৰ ছুটি মঞ্জুৰ কৰে যেন। |
উপস্থিত | অনুপস্থিত | অৰূপে পেট-চলা ৰোগ হোৱাৰ বাবে কেইবাদিনো স্কুলত অনুপস্থিত আছিল। | |
ৰূপ | অনুৰূপ | আচল শব্দৰ বল বৃদ্ধি কৰিবলৈ তাৰ লগত কেতিয়াবা তাৰ অনুৰূপ অৰ্থশূন্য শব্দ ব্যৱহাৰ হয়। | |
মান | অনুমান | সজ ব্যৱহাৰৰ অনুমান হল নম্ৰতা। | |
উচিত | অনুচিত | আমি মিছাকথা কোৱা অনুচিত। |
প্ৰশ্নঃ সমূহীয়া ভোজ-ভাত খালে তলত দিয়া কোনবোৰ কাৰণত আমাৰ পেটৰ অসুখ ব'ব পাৰে ?
সোৱাদ পাই সৰহকৈ খালে,
আঞ্জাত বেছি জ্বলা-মছলা হ'লে
অসময়ত খোৱাৰ বাবে
উত্তৰঃ – সমূহীয়া ভোজ-ভাত খালে আঞ্জাত বেছি জ্বলা-মছলা হ'লে আৰু অসময়ত খোৱাৰ বাবে আমাৰ পেটৰ অসুখ ব'ব পাৰে।
দলত আলোচনা কৰি লিখা।
(ক) বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই প্ৰধান শিক্ষক মহোদয়লৈ আৱেদন পত্ৰ লিখা –
প্ৰতি,
মাননীয় প্ৰধান শিক্ষক মহোদয়, [বিদ্যালয়ৰ নাম, গাঁও/ নগৰ, জিলা]
তাৰিখঃ দিন/মাহ/বছৰ
বিষয়ঃ বিদ্যালয়ত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ বাবে আবেদন।
মহাশয়,
যথা বিহিত সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমাৰ বিদ্যালয়ত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকাত আমি ছাত্ৰ-ছাত্ৰীসকল অত্যন্ত অসুবিধা হৈছো। ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ পৰা খোৱাপনী আনে যদিও সেয়াই পৰ্যাপ্ত নহয়; কিয়নো সেয়া পানী শেষ হৈ যোৱাৰ ফলত আমাৰ পিয়াহ লাগিলে আমি অসুবিধাত পৰো। বিদ্যালয়ত থকা দমকলটোৰ পানী অত্যন্ত আইৰণ যুক্ত হোৱাৰ বাবে তাৰ পানী খোৱাৰ উপযুক্ত নহয়। হয়তো আমাৰ বিদ্যালয়ৰ সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰীসকলেও কেতিয়াবা বিদ্যালয়ত খোৱাপানীৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।
গতিকে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ হৈ মই মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ জনাওঁ যে যথাসম্ভৱ সোনকালে আমাৰ বিদ্যলয়ত পানী ফিল্টাৰৰ ব্যৱস্থা কৰি আমাৰ খোৱাপানীৰ সমস্যাটো দূৰ কৰে যেন।
ইতি -
উত্তৰঃ
মৰমৰ বৰুণ,
প্ৰথমে মোৰ মৰম ল’বা। আশাকৰোঁ তুমি কুশলে আছা। তোমাৰ মা-দেউতাৰাৰ লগতে ভণ্টিৰো নিশ্চয় ভালেই। আমি, মোৰ লগতে পৰিয়ালৰ সকলোৱেই কুশলে আছো। যোৱা পৰহি আমাৰ বিদ্যালয়ত অবাগত আদৰণী সভা হৈ গ’ল। নতুন বিদ্যালয়ত নতুন অভিজ্ঞতাৰ বিষয়ে তোমাক জনাবলৈকে তোমালৈ লিখিছোঁ।
আগৰ বছৰবোৰৰ দৰে এইবাৰো আমাৰ স্কুলত নতুন কৈ বিভিন্ন শ্ৰেণীত নামভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাবলৈ নৱাগত নৱাগত আদৰণি সভা অনুস্থিত কৰা হৈছিল। নতুনকৈ ৫ম শ্ৰেণীত নাম লগোৱা বাবে ময়ো নৱাগত শাৰীতে পৰিলোঁ। সম্ভাখনত আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে সভাপতিত্ব কৰিছিল। এই সভাত আমাৰ ওচৰৰে উচ্চ-প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী বিশিট অতিথি হিচাপে উপস্থিত আছিল। বিদ্যালয়খনত পঢ়ি থকা পুৰণা ছাত্ৰ-ছাত্ৰীসকলে নৱাগত সকলক উদ্দেশ্যি বতৃতা দিছিল। নতুন কৈ অহা ছাত্ৰ-ছাত্ৰীসকলোৰো কেইজনমানে নিজৰ পৰিচয় দাঙি ধৰি এতিয়ালৈ বিদ্যালয়খনত হোৱা অভিজ্ঞতা সম্পৰ্কে বক্তব্য ৰাখিছিল। বিদ্যালৰ সহকাৰী শিক্ষয়িত্ৰী সূস্মিতা বাইদেৱে আমাক বিদ্যালয়খনৰ নীতি-নিয়মসমূহ বৰ্ণনা কৰি ভৱিষ্যতে পালন কৰি যাবলৈ কৈছিল।সভাত বিশিষ্ট অতিথিসকলে সাৰুৱা ভাষণ প্ৰদান কৰিছিল।
সভাৰ শেষৰফালে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে বিদ্যালয়ৰ ন-পুৰণি সকলো ছাত্ৰ-ছাত্ৰীকে মিলিজুলি থাকি বিদ্যালয়ৰ গৌৰৱ বঢ়াবলৈ উপদেশ দিছিল। সভাৰ শেষত নিমন্ত্ৰিত অতিথি, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে মিলি প্ৰীতি খাইছিলোঁ। খাই-বৈ আমি সকলো ঘৰমূৱা হৈছিলোঁ। পৰহিৰ দিনটো বিদ্যালয়ত বৰ ভাল লাগিছিল।
আজিলৈ ইয়াতে সামৰিলোঁ। চিঠিখন পালে তোমাৰ খ-খবৰ জনাই মোলৈ লিখিবা।
(গ) চিঠি আৰু আৱেদনৰ মূল ভাগ কেইটা আৰু কি কি? কোনটো ভাগত কি লিখিব লাগে?
উত্তৰঃ চিঠিৰ আৰু আৱেদনৰ মূল ভাগ চাৰিটা – (১) শিৰোনাম, (২) সম্বোধন, (৩) মূল অংশ আৰু (৪) বিদায় সম্ভাষণ/ সামৰণি।
(১) শিৰোনামঃ শিৰোনামত চিঠি লিখোঁতাই যি ঠাইৰ পৰা চিঠিখন লিখে, সেই ঠাইখনৰ নাম একেবাৰে ওপৰৰ ভাগত সোঁকাষে লিখা হয়। লগতে চিঠি লিখাৰ তাৰিখটোও এই শিৰোনাম অংশত লিখা হয়। সাধাৰণতে আৱেদনত এই অংশ নাথাকে।
(২) সম্বোধনঃ চিঠিৰ ক্ষেত্ৰত শিৰোনামৰ তলতে বাওঁকাষলৈ পূজনীয়/ পূজনীয়া, শ্ৰদ্ধেয়/ শ্ৰদ্ধেয়া, মৰমৰ/ প্ৰিয় আদি সম্বোধন লিখা হয়। আৱেদনৰ ক্ষেত্ৰত মহোদয়/ মহোদয়া লিখা হয়।
(৩) মূল অংশঃ চিঠিৰ ক্ষেত্ৰত সম্বোধনৰ তলতে শ্ৰদ্ধা/ মৰম জনাই মূল অংশ প্ৰকাশ কৰিব লাগে। ইয়াতে নিজৰ খা-খবৰ, সুখ-দুখ, আনন্দ-বেদনা আদি প্ৰকাশ কৰা হয়। আৱেদনৰ ক্ষেত্ৰত এই অংশত অভাৱ-অভিযোগ আদি লিখা হয়।
(৪) বিদায় সম্ভাষণ/ সামৰণিঃ চিঠিৰ ক্ষেত্ৰত এই অংশটোত আনটো পক্ষৰ উত্তৰ কামনা কৰি লিখোঁতাই নিজৰ কথাৰ সামৰণি মাৰে। সৰ্বশেষত ‘ইতি’ বুলি লিখি নিজৰ নাম লিখিব লাগে। আৱেদনৰ ক্ষেত্ৰত এই অংশটোত অভাৱ-অভিযোগ পূৰণৰ বাবে বিনম্ৰ অনুৰোধ জনাই সৰ্বশেষত ‘ইতি’ বুলি লিখি নিজৰ নাম-ঠিকনা লিখিব লাগে।
No comments