Breaking News

Ankuran-5|Chapter-6

পাঠ-০৬|অংকুৰণঃ জোনাকৰ জেউতি|৫ম শ্ৰেণী


  

উত্তৰ দিয়া।
(ক) ‘জোনাকৰ জেউতি’ পাঠটোত কোনে কালৈ চিঠি লিখিছিল?
উত্তৰঃ ‘জোনাকৰ জেউতি’ পাঠটোত মুকুটে নিয়ৰলৈ চিঠি লিখিছিল।

(খ) চিঠিখনত লিখা ভাল খবৰটো কি?
উত্তৰঃ চিঠিখনত লিখা ভাল খবৰটো হ’ল মুকুটহঁতৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত কৰা হৈছে।

(গ) পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল?
উত্তৰঃ পুথিভঁৰালটোৰ নাম ‘জোনাক’ ৰখা হৈছিল।

(ঘ) পুথিভঁৰালীজনৰ নাম কি?
উত্তৰঃপুথিভঁৰালীজনৰ নাম নীলকান্ত।

(ঙ) পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল?
উত্তৰঃ পুথিভঁৰালটো গাওঁবুঢ়া শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই উদ্বোধন কৰিছিল।

(চ) পুথিভঁৰাললৈ দহখন কিতাপ কোনে দান কৰিছিল?
উত্তৰঃ পুথিভঁৰাললৈ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই শিশু উপযোগী দহখন কিতাপ দান কৰিছিল।

(ছ) মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি?
উত্তৰঃ মুকুটে নিয়ৰক যেনেতেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম হ'ল বিজ্ঞানৰ সৰু সৰু কথা-১ আৰু বিজ্ঞানৰ সৰু সৰু কথা-২।

(জ) প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি?
উত্তৰঃ প্ৰচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম নালান্দা বিশ্ববিদ্যালয়।

প্ৰশ্নঃ “ই আমাৰ মনৰ আকাশ পোহৰাই তুলিব বুলি আশা কৰিছোঁ।” এই বাক্যশাৰী কোনে, কাক, কি প্ৰসংগত কৈছে? বহলাই লিখা।
উত্তৰঃ মুকুটহঁতৰ গাৱঁত এটা পুথিভঁৰাল স্থাপন কৰা হৈছে। সেই গাওঁখনৰ মানুহে এতিয়াৰে পৰা পুথিভঁৰালত কিতাপ পঢ়ি শিক্ষিত কিতাপৰ জ্ঞানেৰে জ্ঞানী হৈ উঠিব বুলি আশা কৰি উক্ত বাক্যশাৰী মুকুটে নিয়ৰক চিঠিত লিখিছিল।

প্ৰশ্নঃ বৰ্তমান সময়ত দেশ-বিদেশৰ বা-বাতৰি বিভিন্ন উপায়েৰে পোৱা যায়। তোমালোকে কি কি উপায়েৰে দেশ-বিদেশৰ খা-খবৰ পোৱা সেইবোৰৰ নাম লিখা।
উত্তৰঃ বৰ্তমান সময়ত দেশ-বিদেশৰ বা-বাতৰি আদি আমি বিভিন্ন উপায়েৰে পাওঁ যেনে  বাতৰি-কাকত, আলোচনী, চিঠি-পত্ৰ, ৰেডিঅ’, দূৰদৰ্শণ, মোবাইল ফ’ন, ইৰ্ণ্টাৰনেট ইত্যাদি।

প্ৰশ্নঃ কি কি গুণৰ বাবে নীলাকান্ত দাদাক পুথিভঁৰালী পাতিছিল?
উত্তৰঃ নীলাকান্ত দাদাক সকলোৱে কিতাপৰ পোক বুলি কয়। কাৰণ তেওঁ কিতাপ পঢ়ি বেছি সময় কটায় আৰু কিতাপ-পত্ৰবোৰ পৰি-পাতিকৈ সজাই ৰাখিব জানে। সেয়েহে তেওঁক পুথিভঁৰালী পতা হৈছিল। 

প্ৰশ্নঃ গামোচাখনত সিঁচৰিত হৈ থকা শব্দবোৰ শিতান অনুসৰি ভগোৱা।


উদাহৰণ                   

কিতাপ

লিখোঁতা

পঢ়োঁতা        

ভঁৰাল

 

 

 

 

পুথি

লিখক

পাঠক

পুথিভঁৰাল

পুস্তক

প্ৰণেতা 

পঢ়ুৱৈ

পুস্তকালয়

গ্ৰন্থ

গ্ৰন্থকাৰ

পাঠক

গ্ৰন্থগাৰ

দলত আলোচনা কৰি চমুটোকা লিখা।
পুথিভঁৰাল, গ্ৰন্থমেলা।
উত্তৰঃ
পুথিভঁৰালঃ পুথিভঁৰাল হৈছে এনে এক অনুষ্ঠান বা প্ৰতিষ্ঠান য'ত জ্ঞান-বিজ্ঞান, বুৰঞ্জী, দৰ্শন, সাহিত্য, কলা, গল্প-উপন্যাস, জীৱনী আদি নানা তৰহৰ ন-পুৰণি পুথি আৰু আলোচনী, বাতৰি কাকত আদি পঢ়াৰ কাৰণে সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰখা হয়। পুথিভঁৰালক গ্ৰন্থাগাৰো বোলা হয়। পুথি য'ত ভৰাই মজুত কৰি ৰখা হয়, সেয়ে পুথিভঁৰাল আৰু গ্ৰন্থসমূহ সংগ্ৰহ কৰি যি আগাৰ বা গৃহত ৰখা হয়, সেয়ে গ্ৰন্থাগাৰ। সাধাৰণতে দুই ধৰণৰ - ব্যক্তিগত ‘ঘৰুৱা পুথিভঁৰাল আৰু ৰাজহুৱা পুথিভঁৰাল। পণ্ডিত, বিদ্যানুৰাগী আৰু অধ্যয়নপ্ৰিয় মানুহবোৰে নিজৰ অভীৰুচি মতে নিজক লগা পুথি-পাঁজি, আলোচনী, বাতৰি কাকত আদি সংগ্ৰহ কৰি ৰাখে। এয়াই হল ঘৰুৱা পুথিভঁৰাল। এই পুথিভঁৰালৰ সুযোগ সকলোৱে নাপায় আৰু ইয়াত সকলো ধৰণৰ পুথিও নাথাকে। ৰাজহুৱা পুথিভঁৰালসমূহত সকলো বিধৰ পুথি ৰখা হয় আৰু সকলোৰে কাৰণে ইয়াৰ দুৱাৰ মুকলি থাকে। আমাৰ স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়বোৰত একোটা পুথিভঁৰাল আছে। ইয়াৰ সুযোগ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে লব পাৰে। ইয়াৰ উপৰিও ন্যায়ালয়, সচিবালয়, বিধানসভা আদিৰ নিচিনা চৰকাৰী অনুষ্ঠানসমূহৰে নিজা নিজা পুথিভঁৰাল আছে। ৰাজহুৱা পুথি ভঁৰালবোৰৰ কিছুমান চৰকাৰদ্বাৰা সম্পূৰ্ণৰূপে পৰিচালিত, কিছুমান ৰাইজৰদ্বাৰা চৰকাৰী সাহায্যত পৰিচালিত আৰু কিছুমান সম্পূৰ্ণভাৱে ৰাইজৰ দ্বাৰা স্থাপিত আৰু পৰিচালিত। স্কুল-কলেজৰ পুথিভঁৰালবোৰ ছাত্ৰৰ মাচুল আৰু চৰকাৰী সাহায্যৰদ্বাৰাই স্থাপিত আৰু স্কুল-কলেজ কৰ্তৃপক্ষ বা ছাত্ৰ-সভাৰ দ্বাৰাই পৰিচালিত হয়। চলন্ত পুথিভঁৰাল বুলি আৰু এবিধ পুথিভঁৰালো আছে। জনসাধাৰণৰ মাজত শিক্ষা প্ৰচাৰৰ কাৰণে আৰু অধ্যয়নৰ অনুৰাগ জন্মাবৰ বাবে চৰকাৰৰদ্বাৰা ইয়াৰ পৰিচালনা কৰা হয়।

গ্ৰন্থমেলাঃ বিবিধ বিষয়ৰ কিতাপ বা গ্ৰন্থৰ মুকলি প্ৰদৰ্শণী যোগে বিক্ৰী কৰা ব্যৱস্থাই গ্ৰন্থমেলা। গ্রন্থ মানব জীৱনৰ অমূল্য সম্পদ। সভ্যতাৰ বিকাশত যুগে যুগে গ্রন্থই গ্রহণ কৰে বৰণীয়া ভূমিকা। গ্রন্থই ৰচনা কৰে মানসিক সেতুবন্ধন। 

মানুহৰ জীৱনত গ্রন্থৰ প্ৰভাৱ অপৰিসীম। কিতাপ নথকা ঘৰক খিৰিকীহীন কোঠাৰ লগত তুলনা কৰা হয়। সেইবাবে গ্ৰন্থৰ মেলা হ’ল জ্ঞান-বিস্তাৰৰ মেলা। গ্রন্থমেলা লেখক, পাঠক, প্রকাশকৰ মিলনভূমি। লেখকে কিতাপ লিখি দিয়ে, প্রকাশকে তাক ৰুচিসন্মতভাৱে ধুনীয়াকৈ নিৰ্ভুলভাৱে ছপাই বন্ধাই উলিয়াব লাগে আৰু পাঠকে তাক কিনি পঢ়িব লাগে। এই তিনিওৰে উপযুক্ত সংযোগ নহ'লে ভাল গ্রন্থ নোলায়।

পাঠৰ বহুবচন আৰু একবচন বুজোৱা শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে লিখা।

একবচন

বহুবচন

উদাহৰণঃ
মোৰ


আমাৰ

 

 

তোমালৈ

তোমালোকলৈ

তোমাক

তোমালোকক

অনুষ্ঠান

অনুষ্ঠানবিলাক

শিশু

শিশুসকল

কিতাপ

কিতাপবোৰ

তোমালোকক শিক্ষকে নাইবা মাৰা-দেউতাৰাই আদেশ, উপদেশ আৰু অনুৰোধ কৰি কোৱা পাঁচটা বাক্য লিখা।
উত্তৰঃ
(ক) তোমালোকে নিয়মীয়াকৈ বিদ্যালয়লৈ আহিব।
(খ) অৰূপ, তুমি ব্লেক-ব’ৰ্ডখন মচি দিয়া চোন।
(গ) মাজাহাৰ ভাত বাঢ়িছো, খাই লোৱাহি।
(ঘ) গৃহকাৰ্যবোৰ নিয়াৰিকৈ কৰিবা।
(ঙ) সমনীয়াৰ লগত কাজিয়া নকৰি মিলা-প্ৰীতিৰে থাকিবা।

প্ৰশ্নঃ তলৰ বাক্যকেইটা প্ৰশ্নবোধক বাক্যলৈ নিয়া।
(ক) বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া।
উত্তৰঃ বিদ্যালয়ত হৰিৰ উপস্থিতি কেনেকুৱা?

(খ) গছজোপাত লমা-লমে আম লাগিছে।
উত্তৰঃ গছজোপাত আম কেনেকৈ লাগিছে?

(গ) বেবীয়ে পঢ়িবলৈ ভাল পায়।
উত্তৰঃ বেবীয়ে পঢ়িবলৈ ভাল পায়নে?

(ঘ) ৰিজু গৰম বন্ধত ঘৰলৈ আহিব।
উত্তৰঃ ৰিজু গৰম বন্ধত ঘৰলৈ আহিবনে?

প্ৰশ্নঃ দলত আলোচনা কৰি শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা 
উত্তৰঃ
পৰিপাটি  অপৰিপাটি
নতুন  পুৰণি
উপযোগী  অনুপযোগী
আশা  নিৰাশা

তলৰ শব্দবোৰেৰে বাক্য সাজা।
সংগ্ৰহ, উপযোগী, পুথি, কিতাপ, গ্ৰন্থমেলা।

উত্তৰঃ
সংগ্ৰহ - আমি পুথিভঁৰালৰ পৰা নানান কিতাপ সংগ্ৰহ কৰি অধ্যয়ন কৰিব লাগে ।

উপযোগী - কেৱল মাংসই সকলো প্ৰয়োজনীয় পৰিপোষক যোগান ধৰিবলৈ উপযোগী নহয়।

পুথি  মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱে কীৰ্তন পুথিখন ৰচনা কৰিছিল।

কিতাপ - নীলাকান্ত দাদাক সকলোৱে কিতাপৰ পোক বুলি কয়।

গ্ৰন্থমেলা - এইবাৰ গ্ৰন্থমেলাত মই কেইবাখনো কিতাপ কিনিম।

প্ৰশ্নঃ তলত উল্লেখ কৰা সাহিত্যিকসকলৰ নামৰ পৰা শিশু সাহিত্যসকলৰ নাম বিচাৰি লিখা।
১। লক্ষ্মীনাথ বেজবৰুৱা
২। জ্যোতিপ্ৰসাদ আগৰৱালা
৩। ৰজনীকান্ত বৰদলৈ
৪। মিত্ৰদেৱ মহন্ত
৫। অতুলচন্দ্ৰ হাজৰিকা
৬। আব্দুল মালিক
৭। নৱকান্ত বৰুৱা
৮। মহেশ্বৰ নেওগ
৯। নিৰ্মলপ্ৰভা বৰদলৈ
১০। বন্দিতা ফুকন
১১। ভৱেন্দ্ৰ নাথ শইকীয়া
১২। গগন চন্দ্ৰ অধিকাৰী

উত্তৰঃ
১। লক্ষ্মীনাথ বেজবৰুৱা
২। জ্যোতিপ্ৰসাদ আগৰৱালা
৩। অতুলচন্দ্ৰ হাজৰিকা
৪। নৱকান্ত বৰুৱা
৫। নিৰ্মলপ্ৰভা বৰদলৈ
৬। ভৱেন্দ্ৰ নাথ শইকীয়া
৭। গগন চন্দ্ৰ অধিকাৰী

No comments