Ankuran-5|Chapter-7
পাঠ-০৭|অংকুৰণঃ ফুলকোঁৱৰৰ গীত|৫ম শ্ৰেণী
গীতটোৰ কাহিনীভাগ নিজৰ
কথাৰে সজাই-পৰাই কোৱা।
উত্তৰঃ এখন ফুলনিত এগৰাকী মালিনী আছিল। ফুলবোৰৰ তাই বৰ যত্ন
লৈছিল। ফুলৰ পুলি ৰোৱা, সাৰ-পানী দিয়া এইবোৰ কৰি তাই ফুলনিখন ধুনিয়াকৈ ৰাখিছিল। কিন্তু
এতিয়া বাৰ বছৰ ধৰি ফুলনিখনৰ ফুলবোৰ শুকাই আছে। মালিনীয়ে দৈনিক সাৰ-পানী দিও ফুলনিখনৰ
ফুলবোৰ ফুলাব পৰা নাছিল; সেইবাবেই মালিনীৰ দুখ।
তেনেতে এদিন হঠাৎ কাঠৰ পখী ঘোঁৰাত উঠি বহু দূৰণিৰ পৰা এজন ফুলকোঁৱৰ মালিনীৰ ফুলনিখনলৈ আহিল। পখীঘোঁৰাত অহাৰ বাবে তেওঁ ছমাহৰ বাট এদিনতে অতিক্ৰম কৰি আহিব পাৰিছে। আহিয়েই তেওঁ মালিনীৰ ফুলনিখনত পৰিল। তেওঁ ঘোঁৰাৰ পৰা নামি আহি ভৰিৰে টিপা মৰাৰ লগে লগে ফুলনিখনৰ সেউতী, মালতী, তগৰ, গুটিমালী আদি ফুলবোৰে শিপা মেলিলে। তাৰ পাছত ফুলকোঁৱৰে মুখেৰে শংখ বজোৱাত ফুলবোৰে পোখা মেলিলে। ফুলকোঁৱৰে শাল মাৰোঁতেফুলবোৰে ডাল মেলিবলৈ ধৰিলে। তাৰ পাছত তেওঁ সকলো ফুললৈ চলি মাৰিলে। তেতিয়া ফুলবোৰে কলি পেলালে। তাৰ পাছত ফুলকোঁৱৰে শূল মাৰোঁতে সকলো ফুল ফুলি উঠিল। ফুলবোৰ দেখি মালিনী আৰু ফুলকোঁৱৰ দুয়ো বৰ সুখী হ’ল। দুয়োজনে ফুলবোৰ চাই আত্মবিভোৰ হৈ থাকোঁতে বাটৰুৱাসকলেও ফুলবোৰ দেখি তবধ মানিলে। ইজনেও কয়, সিজনেও কয়, মালিনী তোৰ দশা ভাল। সকলোৱে বাৰ বছৰে শুকাই থকা ফুলনিখন সজীৱ হৈ পৰা দেখি মালিনীক অভিনন্দন জনালে।
প্ৰশ্নঃ তলৰ শব্দবোৰৰ
অৰ্থ গছৰ পাতৰ পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা।
উত্তৰঃ
শব্দ |
অৰ্থ |
টিপা |
আঙুলি বা হাতেৰে মৰা
চেপা |
শাল |
এমূৰ জোঙা চুটি খুঁটি |
চলি |
চাচিঁ এৰুওৱা পাতল কাঠ |
শূল |
জোঙা অস্ত্ৰ |
দশা |
ভাগ্য\ অৱস্থা |
শঁখা |
শংখ |
তমস্কাৰ |
পৰিপাটি |
উত্তৰ দিয়া।
(ক) ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল?
উত্তৰঃ ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল।
(খ) ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ক'ত পৰিছিল?
উত্তৰঃ ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ মালিনিৰ বাৰীত পৰিছিল।
(গ) ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে?
উত্তৰঃ ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে ঘোঁৰাত উঠি পালে।
(ঘ) ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে?
উত্তৰঃ ফুলনিখনৰ
ফুলবোৰ ফুলকোঁৱৰে ফুলালে।
(ক) ই বোলে মালিনী সি বোলে মালিনী
তোৰ
দশা ভাল হ’ল।
গীতফাকিত ‘মালিনী’ কাক
বোলা হৈছে? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে?
উত্তৰঃ গীতফাকিত ফুলনিখনৰ গৰাকীক ‘মালিনী’ বোলা হৈছে। মালিনীৰ ফুলনিখন বাৰ বছৰ ধৰি শুকাই আছিল। এতিয়া
ফুলকোঁৱৰৰ বাবে ফুলনিখনৰ ফুলবোৰ ফুলি উঠিছে। সেয়ে মালিনীৰ দশা ভাল হোৱা বুলি কৈছে।
(খ) ফুলকোঁৱৰৰ হাতৰ পৰশত
ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল?
উত্তৰ: ফুলকোঁৱৰে ভৰিৰে টিপা মাৰোঁতে সেউতি, মালতি, তগৰ,
গুটিমালী আদি সকলো ফুলগছবোৰে শিপা মেলিছিল। মুখেৰে শঁখা বজাওঁতে ফুলগছবোৰে পোখা মেলিছিল।
ফুলকোঁৱৰে শাল মাৰোঁতে ফুলগছবোৰে ডাল মেলিছিল। ফুলকোঁৱৰে চলি মাৰোঁতে ফুলগছবোৰে
কলি পেলাইছিল। ফুলকোঁৱৰে শূল মাৰোঁতে ফুলগছবোৰত ফুলি উঠিছিল। এনেদৰে ফুলকোঁৱৰৰ হাতৰ
পৰশত ফুলনি বাৰীখন ফুলি তমস্কাৰ হৈছিল।
(গ) শিপা ধৰাৰ পৰা কি
কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল?
উত্তৰ: ফুলবোৰে শিপা ধৰাৰ পাছত পোখা মেলিছিল। তাৰ পাছত কলি
পেলাইছিল। শেষত ফুলবোৰ ফুলি উঠিছিল।
(ঘ) বাৰ বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ’ল?
উত্তৰ: ফুলকোঁৱৰে
ফুলনিখনলৈ আহি ভৰিৰে টিপা মাৰোঁতে ফুলগছবোৰে শিপা মেলিলে। মুখেৰে শঁখা বজাওঁতে ফুলগছবোৰে
পোখা মেলিলে। ফুলকোঁৱৰে শাল মাৰোঁতে ফুলগছবোৰে ডাল মেলিলে। ফুলকোঁৱৰে চলি মাৰোঁতে
ফুলগছবোৰে কলি পেলালে। ফুলকোঁৱৰে শূল মাৰোঁতে ফুলগছবোৰত ফুলি উঠিল। এনেদৰে বাৰ বছৰীয়া
শুকান ফুলৰ বাৰীখন সলনি হ’ল।
‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা ।
উত্তৰঃ
‘ক’ অংশ |
‘খ’ অংশ |
(ক) জেউতি চৰিলে |
উৰি যাওঁ উৰি যাওঁ কৰিল |
(খ) ফুলনিবাৰীত থাকোঁতে কোঁৱৰে |
ইপাহি সিপাহি লেখি |
(গ) কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে |
সৱালৈ মাৰিলে শাল |
(ঘ) তগৰ গুটিমালী |
সৱেও পেলালে কলি |
(ঙ) কৰে হৰি হৰি |
ফুলৰে তিৰ্বিৰ্ দেখি |
গীতটোৰ পৰা চন্দ্ৰবিন্দু
(৺) থকা শব্দবোৰ বাছি উলিয়াই লিখা আৰু শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ শিকা।
উত্তৰঃ উত্তৰ: গীতটোত চন্দ্ৰবিন্দু থকা শব্দবোৰ হ’ল—
শব্দ |
ঘোঁৰা |
ফুলকোঁৱৰে |
শঁখা |
থাকোঁতে |
কোঁৱৰে |
শুদ্ধ শব্দ বহুৱাই তলৰ
বাক্যবোৰ সম্পূৰ্ণ কৰা।
উত্তৰঃ
(ক) মই
সদাই স্কুললৈ যাওঁ। (সি/ মই )
(খ) ৰতনে সদায় ফুটবল খেলে। (খেলে/ খেলিছিল)
(গ) গোলাপ ফুলপাহি টিক্টিকীয়া
ৰঙা। (ধক্ধকীয়া/ টিক্টিকীয়া)
গীতটিত ব্যৱহাৰ হোৱা তলত দিয়া শব্দবোৰৰ বৰ্তমান ৰূপ লিখা।
কৰিল, শঁখা, সৱালৈ, একেদিনে, সৱেও, বজাল।
উত্তৰ:
পুৰণি ৰূপ |
বৰ্তমান ৰূপ |
কৰিল |
কৰিলে |
শঁখা |
শংখ |
সৱালৈ |
সকলোলৈ |
একেদিনে |
এদিনতে |
সৱেও |
সকলোৱে |
বজাল |
বজালে |
তলৰ গীতফাকিৰ পৰা বিশেষ্য পদকেইটা বাছি উলিওৱা।
কাঠৰ পখী ঘোঁৰা
জেউতি চৰিলে
উৰি যাওঁ উৰি যাওঁ কৰিল,
ছমাহৰ বাটকে যায় একেদিনে
মালিনীৰ বাৰীতে পৰিল৷
কাঠৰ পখী ঘোঁৰা
এৰি ফুলকোঁৱৰে
ভৰিৰে মাৰিলে টিপা
সেউতী মালতী তগৰ
গুটিমালী
সৱেও ধৰিলে শিপা।
উত্তৰ: গীতফাকিত থকা বিশেষ্য পদবোৰ হ’ল— পখী ঘোঁৰা, মালিনী, ফুলকোঁৱৰ, সেউতী, মালতী, তগৰ আৰু গুটিমালী।
শংখ এবিধ মুখেৰে বজোৱা
বাদ্য। মুখেৰে আৰু কি কি বাদ্য বজাব পাৰি?
উত্তৰ: বাঁহী, পেঁপা, গগনা, সুতুলী ইত্যাদি বাদ্য মুখেৰে
বজাব পাৰি।
No comments