Ankuran-5|Chapter-8
পাঠ-০৮|অংকুৰণঃ ৰঙৰ ৰহস্য|৫ম শ্ৰেণী
উত্তৰ দিয়া।
(ক) আদিম মানুহে ক’ত বাস কৰিছিল? তেওঁলোকে ৰঙীন ছবি ক'ত আঁকিছিল?
উত্তৰঃ আদিম মানুহে গুহাত বাস কৰিছিল। তেওঁলোকে বাস কৰা গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল।
(খ) সূৰ্যৰ পোহৰত কেইটা ৰং থাকে? সেই ৰং কেইটা কি কি?
উত্তৰঃ সূৰ্যৰ পোহৰত সাতটা ৰং থাকে। সেই ৰং কেইটা হ'ল বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।
(গ) আমি বস্তু এটা কেতিয়া দেখোঁ? আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি?
উত্তৰঃ কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত অৰ্থাৎ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখোঁ। আন্ধাৰত থকা বস্তু আমি নেদেখো কাৰণ তাত পোহৰ নপৰে বা তাৰ পৰা পোহৰ প্ৰতিফলিত নহয়।
(ঘ) বগা ৰং কেনেকৈ সৃষ্টি হয়? চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ কি?
উত্তৰ: সূৰ্যৰ পোহৰত থকা সাতটা ৰং মিলি বগা ৰং সৃষ্টি হয়। চক পেঞ্চিলডালত পৰা সূৰ্যৰ পোহৰৰ সাতটা ৰঙেই প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত পৰেহি, সেয়ে আমি চক পেঞ্চিলডাল বগা দেখোঁ।
(ঙ) মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ নেদেখে। ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি?
উত্তৰঃ মানুহে দেখাৰ দৰে ৰং দেখা পোৱা প্ৰাণীবোৰ হ'ল গৰিলা, গিবন, চিম্পাঞ্জী, ওৰাংওটাং আৰু কিছুমান চৰাই।
প্ৰশ্নঃ কাৰ কি ৰং মিলোৱা।
খালী ঠাই পূৰ কৰা।
(ক) ঘঁৰিয়ালে বোলে সকলো বস্তুৰে ৰং ______ দেখে।
উত্তৰ: ঘঁৰিয়ালে বোলে সকলো বস্তুৰে ৰং মটীয়া দেখে।
(খ) আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ______ দেখোঁ।
উত্তৰ: আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ক'লা দেখোঁ।
(গ) ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ______ ।
উত্তৰ: ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ছাৰ আইজাক নিউটন।
প্ৰশ্নঃ সচাঁ নে মিছা লিখা।
(ক) আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল।
উত্তৰঃ সচাঁ।
(খ) আঘোণ মাহৰ পথাৰ সেউজীয়া।
উত্তৰঃ মিছা।
(গ) মৌ-মাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে।
উত্তৰঃ সচাঁ।
(ঘ) কিছুমান চৰায়েও আমাৰ দৰে ৰং চিনি পায়।
উত্তৰঃ সচাঁ।
(ঙ) মানুহে অতি বেঙুনীয়া ৰংটোও দেখে।
উত্তৰঃ মিছা।
তলত আঁচ দিয়া যুক্তাক্ষৰকেইটা ভাঙি দেখুওৱা।
উত্তৰঃ
নিশ্চয় – শ্চ = শ + চ
অস্ত – স্ত = স + ত
একাদিক্ৰমে – ক্ৰ = ক + ৰ
আৱিষ্কাৰ – ষ্ক = ষ + ক
পেঞ্চিল – ঞ্চ = ঞ + চ
বিজ্ঞানী – জ্ঞ = জ + ঞ
চিম্পাঞ্জী – ম্প = ম + প, ঞ্জ = ঞ + জ
বায়ুমণ্ডল – ণ্ড = ণ + ড
পাঠটোত ৰঙা, ৰঙীন, নীলা, সেউজীয়া, সোণোৱালী আদি বিশেষণবোৰে কি কি পদৰ গুণ বুজাইছে লিখা।
উত্তৰ: পাঠটোত ৰঙা, ৰঙীন, নীলা, সেউজীয়া, সোণোৱালী আদি বিশেষণবোৰে বিশেষ্য পদৰ গুণ বুজাইছে।
তলত অৰ্থৰে সৈতে শব্দ দিয়া হৈছে। সেই শব্দবোৰেৰে বাক্য সাজা।
ৰং(আনন্দ, ধেমালি) – কৃষ্ণ পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হোৱাৰ বাবে মাক-দেউতাকৰ বৰ আনন্দ।
ৰং(বৰণ) – পানীৰ কোনো ৰং নাই।
বহুৰঙী(কেইবা ৰঙৰ) – মালিনীৰ ফুলনিত বহুৰঙী পখিলাজাক উৰি ফুৰিছে।
ৰঙীন(ৰংযুক্ত) – আদিম মানুহে গুহাৰ বেৰত ৰঙীন ছবি আকিছিল।
ৰঙিল(ৰং বোলোৱা) – ৰাজিমুলে এখন ৰঙিল ছবি আঁকে।
ৰঙিলী(ৰঙীয়াল তিৰোতা) – সূস্মিতা বৰ ৰঙিলী।
ৰঙালী( আনন্দপূৰ্ণ, ধেমেলীয়া, ব'হাগ বিহু) – ক’ৰোণা মহামাৰীৰ বাবে এইবাৰ ভালদৰে ৰঙালী বিহু পাতিব পৰা নগ'ল।
ৰঙিয়াল(আমোদী, ৰং লগোৱা, আনন্দময়) উৎসৱ-পাৰ্বণত সকলোৰে মনবোৰ ৰঙিয়াল হৈ পৰে।
ৰঙচুৱা(অলপ ৰঙা বৰণৰ) আবেলি বেলিটো ৰঙচুৱা হৈ পৰে।
ৰংচঙীয়া(বিবিধ বৰণৰ সাজ-সজ্জা) ম’ৰা চৰাইৰ পাখিবোৰ ৰংচঙীয়া।
ৰং-ধেমালি(আমোদ-প্ৰমোদ, মনৰ আনন্দৰ কাৰণে কৰা ধেমালি) খেলা-ধূলা, ৰং-ধেমালিয়ে আমাৰ মনবোৰ ফৰকাল কৰি তোলে।
ৰং-ৰহইছ (হাঁহি-ধেমালি, ৰগৰ) সংস্কৃতিয়ে লগৰীয়াজনৰ লগত পদূলি মূখত ৰং-ৰহইছ কৰি আছে।
এতিয়া তলত দিয়া ৰংবোৰ মিহলাই চোৱা।
(ক) ৰঙা + নীলা =
উত্তৰঃ বেঙুনীয়া।
(খ) ৰঙা + হালধীয়া =
উত্তৰঃ সুমথিৰা।
(গ) হালধীয়া + নীলা =
উত্তৰঃ সেউজীয়া।
(ঘ) ৰঙা + নীলা + হালধীয়া =
উত্তৰঃ মটীয়া।
দলত আলোচনা কৰি চমুটোকা লিখা।
ৰংপুৰ, ৰামধেনু, বায়ুমণ্ডল, গুহা, বন-মানুহ, অক্ষিপট
উত্তৰ:
ৰংপুৰঃ ৰংপুৰ শিৱসাগৰ জিলাত অৱস্থিত। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংপুৰ নগৰ নিৰ্মাণ কৰি ৰাজ্যৰ ৰাজধানী পাতিছিল। এই নগৰ দিখৌ নৈৰ দুয়োপাৰে প্ৰায় বত্ৰিশ কিল'মিটাৰ জুৰি বিস্তৃত হৈ আছিল। ৰংপুৰত আহোম যুগৰ কীৰ্তিচিহ্ন তলাতল ঘৰ আছে।
ৰামধেনুঃ কেতিয়াবা ৰ'দ আৰু বৰষুণ একেলগে দিলে সূৰ্যৰ পোহৰ বৰষুণৰ পানীত প্ৰতিফলিত হৈ আকাশত ধেনুভিৰীয়াকৈ সাতটা ৰঙৰ সমাৱেশ দেখিবলৈ পোৱা যায়। এই ৰং সাতটা সূৰ্য্যৰ পোহৰত থকা ৰং। ইয়াকে ৰামধেনু বুলি কোৱা হয়।
বায়ুমণ্ডলঃ আমাৰ পৃথিৱীখনৰ চাৰিওফালে বহু ওপৰলৈকে বায়ুৱে আগুৰি আছে। বায়ুৰ এই তৰপটোক বায়ুমণ্ডল বোলে। বায়ুমণ্ডলত অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰ'জেন আদি গেছৰ লগতে জলীয় বাষ্প,ধূলিকণা আদিও থাকে। বায়ুমণ্ডল থকাৰ বাবেই পৃথিৱীৰ জীৱবোৰে উশাহ-নিশাহ লৈ জীয়াই থাকিব পাৰে।
গুহাঃ হাবিৰ মাজত প্ৰাকৃতিকভাৱে কিছুমান শিলৰ বা মাটিৰ ডাঙৰ ডাঙৰ ফাঁক থাকে। এইবোৰ একো একোটা কোঠাৰ দৰে হৈ থাকে। এইবোৰেই হৈছে গুহা। গুহাবোৰত বাঘ, সিংহ আদি বনৰীয়া জন্তুবোৰে আশ্ৰয় লয়।
বন-মানুহঃ কিছুমান ঠাইত এতিয়াও কিছুমান মানুহে হাবিৰ মাজত বাস কৰে। সিহঁতে এতিয়াও সভ্যতাৰ পোহৰ পোৱাই নাই। সিহঁতৰ জীৱন প্ৰণালী এতিয়াও আদিম মানৱৰ লেখিয়াই হৈ আছে। এনে মানুহক বন-মানুহ বোলে। সিহঁতে গছৰ ফল-মূল, জীৱ-জন্তুৰ পোৰা বা কেঁচা মঙহ খাই জীৱন ধাৰণ কৰে।
অক্ষিপটঃ অক্ষিপট হৈছে আমাৰ চকুৰ ভিতৰত থকা এটা সৰু অংগ। ইয়াক চকুৰ পৰ্দা বুলিও কোৱা হয়। কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত পৰিলে আমি বস্তুটো দেখা পাওঁ।
তোমালোকে দেখা বস্তুবোৰ ৰং অনুসৰি ভাগ কৰা।
উত্তৰঃ
বগা | ৰঙা | ক'লা | নীলা | হালধীয়া | সেউজীয়া |
গাখীৰ | তেজ | কাউৰী | আকাশ | হালধী | গছৰ পাত |
বগলী | সূৰ্য | চুলি | সাগৰ | কৰবী ফুল | ভাটৌ চৰাই |
কাগজ | জৱাফুল | কুলি | নীল | বেলি ফুল | নাচপতি |
চক-পেঞ্চিল | মদাৰফুল | চিলথ | অপৰাজিতা | নাৰ্জীফুল | ঢেকীয়া |
প্ৰশ্নঃ VIBGYOR-অৰ দৰে সাতোৰঙৰ প্ৰথম আখৰবোৰেৰে অসমীয়া শব্দ এটা গঠন কৰা।
উত্তৰঃ বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। প্ৰথম আখৰ কেইটাৰে গঠিত শব্দটো হৈছে- বেঘনীসেহাসুৰ।
No comments