EVS-5|Chapter-16
পাঠ-১৬|আমি আৰু আমাৰ পৰিৱেশঃগাঁও পঞ্চায়ত|৫ম শ্ৰেণী
১। উত্তৰ লিখা –
(ক) কোনে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সমৰ্থন কৰিছিল?
উত্তৰঃ জাতিৰ পিতা মহাত্মা গান্ধীয়ে গাঁওবাসীৰ নিজা শাসন ব্যৱস্থাক পূৰ্ণ ক্ষমতা প্ৰদান কৰাৰ বাবে পঞ্চায়তীৰাজ ব্যৱস্থাৰ সমৰ্থন কৰিছিল।
(খ) গাওঁ পঞ্চায়তত মুঠ আসনৰ কিমান শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত?
উত্তৰঃ গাওঁ পঞ্চায়তত মুঠ আসনৰ ভিতৰত ৩৩% আসন মহিলাৰ বাবে সংৰক্ষণ কৰা থাকে।
(গ) ভোটাধিকাৰ পাবলৈ হ'লে কিমান বছৰ পূৰ্ণ হ’ব লাগিব?
উত্তৰঃ ভোটাধিকাৰ পাবলৈ হ'লে ১৮ বছৰ পূৰ্ণ হ’ব লাগিব।
(ঘ) শেহতীয়া অসম পঞ্চায়ত আইনখন কোন চনত গ্ৰহণ কৰা হয়?
উত্তৰঃ ১৯৯৪ চনত শেহতীয়াকৈ অসম পঞ্চায়ত আইনখন গ্ৰহণ কৰা হয়।
২। খালী ঠাই পূৰ কৰা –
উত্তৰঃ
(ক) গাওঁসভাৰ বৈঠক আহ্বান কৰিববৰ বাবে ১৫ দিনৰ আগতে সভাৰ বিষয়ে প্ৰচাৰ কৰিব লাগে।
(খ) পৌৰ নিগমৰ কাৰ্যকাল ৫ বছৰ।
(গ) একোখন গাওঁ পঞ্চায়ত এলেকাত ১০ টা আঞ্চলিক সমষ্টি থাকে।
(ঘ) গুৱাহাটী পৌৰ নিগম ১৯৭৪ চনত স্থাপন কৰা হয়।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা –
(ক) গাওঁ পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ/ ৬ বছৰ/ ৪ বছৰ।
উত্তৰঃ ৫ বছৰ।
(খ) পৌৰসভাৰ সদস্য বা সদস্যা গৰাকীক পৌৰপতি/ কাউন্সিলৰ/ কমিচনাৰ বোলা হয়।
উত্তৰঃ কমিচনাৰ।
(গ) পৌৰ নিগমৰ সদস্য়ৰ সংখ্যা ৩০ জন/২০ জন/ ৬০ জনৰ অধিক হ’ব নোৱাৰে।
উত্তৰঃ ৬০ জনৰ অধিক হ’ব নোৱাৰে।
(ঘ) গাওঁ পঞ্চায়ত গঠন কৰিবলৈ এলেকাটোত ৬০০০ ৰ পৰা ৮০০০/ ৯০০০/ ১০০০০ লৈ জনসংখ্যা থকা উচিত।
উত্তৰঃ ১০০০০ লৈ।
৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাচি উলিয়াই শুদ্ধকৈ লিখা –
(ক) গাঁৱৰ সকলো প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাক লৈ অনুষ্ঠিত কৰা সভাখনেই হৈছে গাওঁ সভা।
উত্তৰঃ এখন গাওঁ বা পঞ্চায়ত এলেকাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা সকলো ভোটাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভা।
(খ) গাওঁ সভাক ১০টা ৱাৰ্ডত ভাগ কৰা হয়।
উত্তৰঃ গাওঁ পঞ্চায়ত এলেকাক ১০টা ৱাৰ্ডত ভাগ কৰা হয়।
(গ) গাওঁ পঞ্চায়ত হ'ল সভাপতি আৰু সদস্যসকলক লৈ গঠিত গাঁৱৰ প্ৰশাসনিক সংগঠন।
উত্তৰঃ গাওঁ পঞ্চায়ত হ'ল সভাপতি বা সভানেত্ৰী আৰু ১০ জন সদস্য/ সদস্যাক লৈ গঠিত গাওঁৰ স্থানীয় প্ৰশাসন।
(ঘ) ১৮ বছৰ পূৰ হোৱা সকলো প্ৰাপ্ত বয়স্ক লোকেই গাওঁ পঞ্চায়তৰ সদস্য।
উত্তৰঃ ১৮ বছৰ পূৰ হোৱা ৰাইজৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিৰ্বাচিত ১০ জন লোকেই গাওঁ পঞ্চায়তৰ সদস্য।
৫। গাওঁ পঞ্চায়ত কিদৰে গঠন কৰে?
উত্তৰঃ ৬০০০ ৰ পৰা ১০০০০ জনসংখ্যা থকা এলেকা এটাত গাওঁ পঞ্চায়ত গঠন কৰা হয়। জনসংখ্যা অনুসৰি একোখন গাঁও পঞ্চায়ত এলেকাত এখন বা একাধিক গাঁও অন্তৰ্ভূক্ত থাকিব পাৰে। পঞ্চায়ত গঠন কৰিবলৈ ১০ জন সদস্য/ সদস্যা আৰু এজন সভাপতি/ সভানেত্ৰী লাগে। নিৰ্বাচনৰ সুবিধাৰ বাবে পঞ্চায়ত এলেকাক ১০টা আঞ্চলিক সমষ্টিত ভাগ কৰা হয়। প্ৰতিটো সমষ্টিৰ এজনকৈ সদস্য ৰাইজে ভোটৰ দ্বাৰা নিৰ্বাচিত কৰে। গাঁও পঞ্চায়তৰ অন্তৰ্গত এজন লোকক ৰাইজে প্ৰত্যক্ষভাৱে সভাপতি নিৰ্বাচন কৰে। এইদৰে এজন সভাপতি/ সভানেত্ৰী আৰু ১০ জন সদস্য/সদস্যাৰে গাওঁ পঞ্চায়ত গঠন হয়। গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্য/সদস্যবোৰৰ মাজৰ পৰা এজনক উপ-সভাপতি/ উপ-সভানেত্ৰী হিচাপে নিৰ্বাচন কৰা হয়।
৬। গাওঁ পঞ্চায়তৰ যিকোনো তিনিটা কাম উল্লেখ কৰা?
উত্তৰঃ গাওঁ পঞ্চায়তৰ তিনিটা কাম হ'ল – (ক)গাঁও পঞ্চায়ত এলেকাৰ উন্নয়নৰ বাবে বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰা, (খ) গাঁও পঞ্চায়তৰ বাৰ্ষিক বাজেট প্ৰস্তুত কৰা আৰু (গ) ৰাজহুৱা বাট-পথ আৰু নলা-নৰ্দমা নিৰ্মাণ কৰা, গ্ৰাম্য বাসস্থান, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ ব্যৱস্থা কৰা।
৭। নগৰ অঞ্চলৰ শাসন ব্যৱস্থাত থকা নিকায়সমূহ কি কি?
উত্তৰঃ নগৰ অঞ্চলৰ শাসন ব্যৱস্থাত থকা নিকায়সমূহ হ'ল- (ক) নগৰ সমিতি, (খ) পৌৰ সভা আৰু (গ) পৌৰ নিগম।
৮। গাওঁ সভাৰ বৈঠকখন 'থুল' হোৱা বুলি কেতিয়া গন্য কৰা হয়?
উত্তৰঃ এখন গাওঁ সভাৰ বৈঠকখনত মুঠ ভোটাৰৰ কমেও ১০% বা ১০০ জন লোক উপস্থিত থাকিব লাগে। এনে প্ৰয়োজনীয় সংখ্যক সদস্য/ সদস্যা উপস্থিত থাকিলে বৈঠকখন 'থুল' হোৱা বুলি গন্য কৰা হয়।
৯। প্ৰতিটো গাওঁ পঞ্চায়ত এলেকাত ১০ টা আঞ্চলিক সমষ্টিত ভাগ কৰি লোৱাৰ কাৰণ কি?
উত্তৰঃ নিৰ্বাচনৰ সুবিধাৰ বাবে গাওঁ পঞ্চায়ত এলেকাত ১০ টা আঞ্চলিক সমষ্টিত ভাগ কৰি লোৱা হয়।
No comments