Natun|Ganit-4|Chapter-10
পাঠ-১০ নতুন গণিতঃ পুৰণ|৪ৰ্থ শ্ৰেণী
কিমান হ'ল কোৱা আৰু লিখা
কিমানবাৰ আছে কোৱা আৰু লিখা
৭+ ৭+ ৭+ ৭+ ৭+ ৭ = ৭×৬ = ৪২
৫+ ৫+ ৫+ ৫ = ৫×৪ = ২০
৪+৪+৪+৪+৪+৪+৪ = ৪×৭ = ২৮
৯+৯+৯+৯+৯ =৯×৫ = ৪৫
১০+১০+১০ = ১০×৩ =৩০
১৩+১৩+১৩+১৩ = ১৩×৪ =৫২
৩+৩+৩+৩+৩+৩+৩+৩ = ৩×৮ = ২৪
২০+২০ = ২০×২ = ৪০
সমাধান কৰোঁ আহা
এটা বেলুনৰ দাম ৫ টকা হ’লে ৮টা বেলুনৰ দাম কিমান?
উত্তৰঃ এটা বেলুনৰ দাম = ৫ টকা
এতেকে ৮টা বেলুনৰ দাম = (৫ × ৮)টকা = ৪০ টকা।
এটা কণীৰ দাম ৫ টকা হ’লে ৬টা কণীৰ দাম কিমান?
উত্তৰঃ এটা কণীৰ দাম = ৫ টকা
এতেকে ৬টা কণীৰ দাম = (৫ × ৬)টকা = ৩০ টকা
এটা নেমু টেঙাৰ দাম ৭ টকা হ’লে ৭টা নেমু টেঙাৰ দাম কিমান হ’ব।
উত্তৰঃ এটা নেমু টেঙাৰ দাম = ৭ টকা
এতেকে ৭টা নেমু টেঙাৰ দাম = (৭ × ৭)টকা = ৪৯ টকা
এটা কিলিপৰ দাম ১০ টকা হ’লে ৪টা কিলিপৰ দাম কিমান?
উত্তৰঃ এটা কিলিপৰ দাম = ১০ টকা
এতেকে ৪টা কিলিপৰ দাম = (১০ × ৪)টকা = ৪০ টকা।
এখন বিস্কুটৰ দাম ৫ টকা হ’লে ১০ খন বিস্কুটৰ দাম কিমান?
উত্তৰঃ এখন বিস্কুটৰ দাম = ৫ টকা
এতেকে ১০ খন বিস্কুটৰ দাম = (৫ × ১০)টকা = ৫০ টকা।
এখন চাইকেলত ২ জন ল’ৰা উঠিলে ৭ খন চাইকেলত কইজন ল’ৰা উঠিব?
উত্তৰঃ এখন চাইকেলত উঠে = ২ জন ল’ৰা
এতেকে ৭ খন চাইকেলত উঠে = (২ × ৭) জন = ১৪ জন ল’ৰা
সাঁথৰ ভাঙো আহাঃ
(ক) এখন থালত আছে
৭টাকৈ কণী
৫খন থালত কিমান হ’ব
কোৱাচোন গণি?
উত্তৰঃ এটা থালত =৭টাকৈ আছে।
এতেকে ৫খন থালত = (৭ × ৫)টকা = ৩৫ টা কণী থাকিব।
(খ) ১খন ফেনৰ ৩খন পাখি
থাকে ঘুৰি ঘুৰি।
৬খন ফেনৰ কিমান পাখি
কোৱাচোন ভাৱি ভাৱি?
উত্তৰঃ ১খন ফেনৰ =৩খন পাখি
এতেকে ৬খন ফেনৰ = (৩ × ৬)খন = ১৮খন পাখি থাকিব।
সমাধান কৰাঃ
(ক) এখন বহীত ২৩ খিলা পাত আছে। তেনেকুৱা ৩খন বহীত কিমান খিলা পাত হ’ব।
উত্তৰঃ এখন বহীত পাত আছে =২৩ খিলা
এতেকে ৩খন বহীত = (২৩×৩) খিলা =৬৯খিলা পাত হ’ব।
(খ) এটা বাকচত ২২ খন কিতাপ থ’ব পাৰিলে তেনেকুৱা ২টা বাকছত কিমানখন কিতাপ থব পৰা যাব?
উত্তৰঃ এটা বাকচত কিতাপ থ’ব পাৰি = ২২ খন
এতেকে ২টা বাকচত কিতাপ থ’ব পাৰি =(২২×২) খন =৪৪ খন
(গ) এটা বলৰ দাম ২৪ টকা হ’লে ২টা বলৰ দাম কিমান হ’ব?
উত্তৰঃ এটা বলৰ দাম = ২৪ টকা
এতেকে ২টা বলৰ দাম = (২৪×২) টকা =৪৮ টকা
No comments