Online Verification of Teachers’ Profile
Online Verification of Teachers’ Profile|
What to do if Profile Rejects
শিক্ষক প্ৰফাইলৰ অনলাইন
ভেৰিফিকেশ্বন
HRMSত শিক্ষকৰ ৰেজিষ্ট্ৰেশ্বন প্ৰায় সম্পূৰ্ণ হৈছে। সেয়ে SSA, Assamএ ১৫-১২-২০২১ পৰা ২০-১২-২০২১ শিক্ষক প্ৰফাইলৰ অনলাইন Verificationৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। Verification প্ৰক্ৰিয়াৰ ধাপ সমূহ –
(ক) Verification https://hrmsassam.in পোৰ্টেলৰ জৰিয়তে অনলাইন যোগে
হব।
(খ) Verification প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ বাবে
পৃথকে পৃথকে হব।
(গ) লগইনৰ তথ্যসমূহ State
Mission Officeৰ পৰা District Programmerক দিয়া হব।
(ঘ) তাত তিনিটা বিকল্প
পচন্দ থাকিব –
View, Approve, Reject
(ঙ) তাত নিম্ন উল্লিখিত
তথ্য সমূহ Verification হ’ব।
* স্কুলৰ UDISE কোড অনুসৰি
শিক্ষকৰ তথ্য
* শিক্ষকৰ তথ্যত ভাষা-১
* শিক্ষণৰ মাধ্যম
* শিক্ষণৰ বিষয়; LP
Schoolৰ ক্ষেত্ৰত All subjects
* অফিচ তথ্যৰ লগত শিক্ষকে
দিয়া তথ্য
* আপলোড কৰা তথ্য
(চ) যদি তথ্য সমুহৰ মিল
থাকে Approve হ’ব
(ছ) যদি তথ্য সমুহৰ মিল
নাথকিলে Reject হ’ব
(জ) Reject হ’লে শিক্ষকে
প্ৰফাইল লগইন কৰি তথ্য শুদ্ধ কৰিব লাগিব।
No comments