Breaking News

Covid-19 & Omicron Variant, বনৌষধি শোহনি বনঃ

কভিড-১৯ৰ অমিক্ৰণ বৈকল্পিক আৰু শোহনি বন

কভিড-১৯ৰ অমিক্ৰণ বৈকল্পিকৰ  পাঁ‌চটা সাধাৰণ লক্ষণঃ

(১) চৰ্দি, 

(২) কাঁ‌হ, 

(৩) অস্বাভাৱিক ৰক্ত সঞ্চয়

(৪) শাৰীৰিক শ্ৰান্তি

(৫)সৰ্ব-শৰীৰৰ বিষ

(US CDCৰ পৰীক্ষণ ও বিশ্লেষণ অনুসৰি)

বনৌষধি শোহনি বনঃ

শোহনি বন বা মাৰছাং এবিধ  বনৰীয়া উদ্ভিদ। শোহনি বনৰ কুমলীয়া আগবোৰ আঞ্জা হিচাপেও খাব পাৰি। মাছৰ গুৰি  বা সৰু মাছ , মাংস , কণীৰ লগতো  ইয়াক ভাজি  কৰি খাব পাৰি। কচু থোৰৰ আঞ্জাত শোহনি বনৰ কুমলীয়া আগ দুটামান দিলে খাবলৈ সোৱাদ লগা হয়। 

এই শোহনি বন অতি উপকাৰী বনৌষধি উদ্ভিদ -

১। জিভাত গুটি উঠিলে শুহনি বনৰ পুৰঠ ফুলটো ভাঙি লগালে সোনকালে উপশম পোৱা যায়।

২। শোহনি বন  আঞ্জা ৰান্ধি খালে  টোপনি ভাল হয়।

৩। শোহনি বনৰ পাত আৰু শিপাৰ ৰসে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে। সেয়ে প্ৰসূতি মাতৃৰ কাৰণে ইয়াৰ পাত অতি উপকাৰী।

৪। পানী লগা হৈ ডিঙিৰ বিষ হ'লে শোহনি বনৰ ফুল অতি উপকাৰী।

৫। কাহ হ'লে শোহনি বনৰ ফুল দুটামান চোবাই খালে সুফল পোৱা যায় , ডিঙিৰ সুৰ-সুৰণি নাইকীয়া হয়।

৬। দাঁত পোকে খোৱা , দাঁতৰ আলু ফুলা বা পায়োৰিয়া ৰোগৰ কাৰণে ইয়াৰ ফুল অতি উপকাৰী।

৭। কটা-ছিঙাত তেজ বন্ধ কৰা আৰু ঘা শুকুৱাতো সহায় কৰে।

৮। নাকেৰে তেজ ওলালে  শোহনি বনৰ পাতৰ ৰস শুঙিলে সুফল পোৱা যায়।

(সংগৃহীত)

No comments