বৰাইল পৰ্বতমালা
বৰাইল পৰ্বতমালাঃ
বৰাইল পৰ্বত (Borail Range) উত্তৰ-পূব ভাৰতৰ এখন অন্যতম বিশাল পৰ্বতমালা। এই পৰ্বতমালা অসম তথা মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চল জুৰি বিস্তৃত (দ্ৰাঘিমাংশ ৯৩.১৫০০°, অক্ষাংশ ২৫.১৫০০°)। এই পৰ্বত প্ৰধানতঃ অসমৰ ডিমা-হাছাও জিলাত অৱস্থিত আৰু ই হৈছে অসমৰ আটাইতকৈ ওখ আৰু দীঘল পাহাৰ (বা পৰ্বত)। এই পৰ্বত হৈছে বিশাল হিমালয় পৰ্বতমালাৰ অংশ বিশেষ।
বৰাইল পৰ্বত মালাৰ সৰ্বোচ্চ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ১৯০০ মিটাৰতকৈও অধিক আৰু সৰ্বনিম্ন উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ১০০ মিটাৰতকৈও কম। ইয়াৰ সৰ্বোচ্চ শৃংগ লাইকেইৰ উচ্চতা ১৯৫৯ মিটাৰ।
(উৎসঃ ইণ্টাৰনেট)
No comments