Breaking News

মাজুলী

 মাজুলীঃ

মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ নৱগঠিত জিলা। ২৭ জুন ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল; পূৰ্বতে ই যোৰহাট জিলাৰ এটা মহকুমা আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহ লৈ ই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ কেন্দ্ৰ । সেয়েহে মাজুলীক 'সত্ৰ নগৰী' বুলিও কোৱা হয়। পূৰ্বে মাজুলীৰ মাটিকালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮৩ বৰ্গমাইল) আছিল, কিন্তু খহনীয়াৰ ফলত ২০০১ চনত ইয়াৰ মাটিকালি হয়গৈ ১২৫০ বৰ্গকিলোমিটাৰ (১৬৩ বৰ্গমাইল)। ইয়াক আৱৰি থকা নদীৰ বিস্তৃতি বাঢ়ি অহাৰ লগে লগে মাজুলীৰ ভূমি সংকোচন হৈছে।

মাজুলীৰ অৱস্থানঃ

দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটীয়াৰ লগত সোৱণশিৰি নদী লগ লাগি নদীদ্বীপটোৰ গঠন কৰিছে। যোৰহাট নগৰৰ পৰা ফেৰীৰে মাজুলীলৈ অহা-যোৱাৰ সুবিধা আছে। অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা ই পূবে প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

ইতিহাসঃ

মাজুলীয়ে নদীদ্বীপৰ আকাৰ লোৱাৰ আগতেই দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ঠাইখণ্ডক মজালি বা মাজালি বোলা হৈছিল। "মাজুলী" নামৰ উৎপত্তিৰ দিশৰ পৰা সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা দেৱে সন্ধি ভাঙি দেখুওৱাইছে যে "মা"+"জুলী"= মাজুলী হৈছে। য'ত "মা= মা লক্ষ্মী" আৰু "জুলী= জোলোঙা/ভঁৰাল। " এসময়ত শস্যে- মৎস্যে নদন-বদন অৱস্থাৰ হোৱাৰ বাবেই মাজুলীক মা লক্ষ্মীৰ জোলোঙা বা ভঁৰাল বুলি অভিহিত কৰা যেন ধাৰণা হয়। নকুল চন্দ্ৰ ভূঞাই বাৰ ভূঞাৰ চমু বুৰঞ্জীত স্বৰ্গদউ জয়ধ্বজ সিংহৰ দিনতেই উপদ্বীপ মাজুলীয়ে নদী দ্বীপৰ আকাৰ লয় বুলি উল্লেখ কৰিছে। ড॰ জে পি ৱেডে অষ্টাদশ শতিকাতে মাজুলী শব্দটো ব্যৱহাৰ কৰিছিল। ইয়াৰ দীঘ ১৬০ আৰু প্ৰস্থ ৬০ ব্ৰিটিছ মাইল বুলিও ৱেডে উল্লেখ কৰি গৈছে। Gazetter of Bengal and North East India ৰ তথ্য মতে ১৯০১ খ্ৰীষ্টাব্দত মাজুলীৰ আয়তন আছিল ৪৮৫ বৰ্গমাইল।

(উৎসঃ ইণ্টাৰনেট)

No comments