Breaking News

Angle | কোণ

Angle | কোণঃ

জ্যামিতিত কোন বুলি কলে দুটি ৰশ্মিৰ মিলনস্থলক বুজায় অৰ্থাৎ ৰশ্মি দুটি এটি শীৰ্ষবিন্দুত মিলিত হয়। দুটি ৰশ্মিৰ মাধ্যমত যি কোণ উৎপন্ন হয় সি একে সমতলত অবস্থান কৰে।

কোণক ইংৰাজীত Angle বুলি কোৱা হয়, এই শব্দটো লেটিন শব্দ Angulusৰ পৰা উদ্ভৱ হৈছে।

কোণৰ প্রকাশঃ
গাণিতিক
বাক্যবিলাকত, কোণৰ মান প্রকাশ কৰিবলৈ সাধাৰণতে গ্ৰীক চিহ্ন (α, β, γ, θ, φ, . . . ) আদি ব্যবহাৰ কৰা হয়।

জ্যামিতিৰ চিত্রত যি তিনিটা বিন্দুক লৈ কোণটো গঠিত হৈছে সেইবিলাক দি কোণটোক প্রকাশ কৰা হয়। উদাহৰণস্বৰূপে, A শীৰ্ষবিুন্দুত AB আৰু AC ৰশ্মি দ্বাৰা গঠিত কোণৰ্টোক BAC বলা হয়। য’ত কোণ দ্যাৰ্থতাৰ সুযোগ নাই, তাত মাত্র শীৰ্ষবিন্দুটিক লৈ কোনটোক প্রকাশ কৰা হয় (এইক্ষেত্রত কোণ A)

কোণৰ প্রকাৰভেদঃ
স্বতন্ত্র
কোণঃ

কোণবিলাকক
বিশেষ নামেৰে অভিহিত কৰা হয়।

  • মাপ বিশিষ্ট কোণকে শুন্য কোন বোলা হয়।
  • এক সমকোণ বা 90°তকৈ সৰু কোণক সূক্ষকোণ বোলে। 
  • এটি বৃত্তৰ 1/4 অংশক অথবা 90° কোণ সমকোণ বোলে। দুটিশ্মিয়ে সমকোণ উৎপন্ন কৰিলে সিঁহতক পৰস্পৰৰ লম্ব বোলে। 
  • এক সমকোণত কৈ ডাঙৰ কিন্তু এক সৰলকোণত কৈ সৰু(৯০°ত কৈ ডাঙৰ আৰু ১৮০°ত কৈ সৰু) কোণক স্থুলকোন বোল। 
  • এটি বৃত্তৰ 1/2  অংশক (১৮০° বা π রেডিয়ান) এক সৰলকোণ বোলে। 
  • এক সৰলকোণৰ তুলনাত ডাঙৰ কিন্তু দুই সৰল কোণত কৈ সৰু (১৮০° ত কৈ ডাঙৰ আৰু ৩৬০° ত কৈ সৰু) কোণক প্রবৃদ্ধ কোণ বোলে। 
  • এটি সম্পূৰ্ণ ঘূৰ্ণনৰ ফলত(৩৬০° বা 2π ৰেডিয়ান) যি কোণ উৎপন্ন হয় তাক পূৰ্ণ কোণ বোলে।

সুক্ষকোন (a) স্থুলকোন (b) আৰু সৰলকোন (c)

যিবোৰ কোণৰ মান সমান সেই বিলাকক সৰ্বসম কোণ বলে। কোণৰ মান বাহুবোৰৰ দৈৰ্ঘৰপৰত নিৰ্ভৰ নকৰে। যেনেঃ সকলো সমকোণৰ মান সমান।

No comments