Breaking News

Notes for Assam TET-01 Sub: CDP

শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান
(Child Development & Pedagogy)

খণ্ডঃ ১

(ক) শিশু বিকাশৰ ধাৰণাঃ
শিশু
বিকাশৰ ধাৰণাঃ
বিকাশশব্দটো ইংৰাজীত ‘Growth’ আৰু ‘Development’ এই দুয়োটা শব্দৰেই প্ৰকাশ কৰা হয়। অসমীয়া ভাষাত ইয়াৰ প্ৰথমটো শব্দইদৈহিক বৰ্ধনআৰু দ্বিতীয়টো শব্দইবিকাশঅথবা পৰিবৰ্ধনৰ অৰ্থ প্ৰকাশ কৰে। ‘Growth’ অথবা দৈহিক পৰিপক্কতা লাভ কৰাৰ অৰ্থহে বিকাশ ভাবে সূচায়। আনহাতে ‘Development’ বা দৈহিক বিকাশ তথা পৰিবৰ্ধনে ব্যক্তিৰ দৈহিক বৰ্ধনৰ ওপৰত পৰিবেশ আৰু শিক্ষা অভিজ্ঞতাই পেলোৱা ব্যাপক পৰিবৰ্তনৰ প্ৰভাৱো অন্তৰ্ভুক্ত কৰে।

শিশু বিকাশক প্ৰভাৱিত কৰা দিশ সমূহ
শিশুৰ সুস্থ বিকাশত বিভিন্ন দিশে প্ৰভাৱ বিস্তাৰ কৰে যেনে জৈৱিক, মানসিক আৰু পৰিবেশজনিত। জৈৱিক দিশক আমি শাৰীৰিক বা দৈহিক বুলিও পাৰো। ইয়াৰ প্ৰ্ধান বৈশিষ্ট্য হৈছে শিশুৰ দৈহিক বিকাশৰ গতি সকলো সময়তে সমৰূপত দেখিবলৈ পোৱা নাযায়। বিকাশৰ কোনো কোনো পৰ্য্যায়ত এই গতি দৰ্শনীয়ভাৱে মন্থৰ আৰু আন কোনো পৰ্য্যায়ত দ্ৰুত গতিৰ হৈ উঠিব পাৰে। জন্মৰ প্ৰথম বছৰটোৱেই হৈছে ব্যক্তিৰ সৰ্বাধিক দ্ৰুতভাৱে দৈহিক বিকাশৰ সময়। কিন্তু পৰৱৰ্তী কালত ইয়াৰ দ্ৰুততা পৰিলক্ষিত নহয়। আনহাতে শিশুৰ বিকাশত মানসিক দিশটোও বিশেষভাৱে উল্লেখযোগ্য। মানসিক বিকাশ হৈছে এক ক্ৰমাগত বিকাশ প্ৰক্ৰিয়া। জন্মৰ পিছৰ পৰা ব্যক্তিৰ বয়:প্ৰাপ্তিলৈকে মানসিক বিকাশৰ গতি অব্যাহত থাকে। দৈহিক বিকাশৰ বিভিন্ন পৰ্য্যায়ত মনৰ ভিন ভিন শক্তি আৰু ক্ষমতা সমূহৰ নিজস্ব ৰূপত বিকাশ সাধন হয়। আপেক্ষিকভাৱে সৰল মানসিক শক্তিসমূহ বিকাশৰ প্ৰথমাৰ্ধত আৰু জটিল শক্তিসমূহ বিকাশৰ দ্বিতীয়াৰ্ধত সক্ৰিয় হৈ উঠা দেখা যায়। ব্যক্তিৰ সাধাৰণ মানসিক ক্ষমতা বা যোগ্যতাৰ মানদণ্ডৰ ওপৰত মানসিক বিকাশৰ গতি আৰু তাৰ গভীৰতা বিশেষভাৱে নিৰ্ভৰ কৰে। বিশেষজ্ঞসকলৰ মতে প্ৰতিটো বিশেষ বিশেষ মানসিক শক্তি ব্যক্তিৰ সাধাৰণ বৌদ্ধিক ক্ষমতাৰ দ্বাৰা প্ৰভাৱিত হয়।

শিশুৰ বিকাশত পৰিবেশৰো যথেষ্ট ভূমিকা আছে। শিশুৱে পৰিবেশৰ লগত কৰা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ পৰিণতিয়েই হৈছে বিকাশ। সুস্থ অনুকুল পৰিৱেশে বিকাশৰ পগতি দ্ৰুততৰ কৰে, আনহাতে ইয়াৰ অভাৱে বিকাশত বাধাৰ সৃষ্টি কৰে।

শিশু বিকাশৰ ধাৰণাৰ ওপৰত জাঁ পিয়াজে, কাৰ্ল ৰোজাৰ্চ আৰু ষ্টেনলি লে তেওঁলোকৰ দৃষ্টিভংগী দাঙি ধৰিছে। পিয়াজেৰ মতে শিশু এটা শৰীৰ নিৰ্ভৰশীল ব্যক্তি, যাৰ অহৰহ পৰিৱেশৰ সৈতে অভিযোজন ঘটে আৰু পৰিবেশৰ সৈতে নিজৰ মাজত সু-সামঞ্জস্য পূৰ্বৰ সম্বন্ধ স্থাপন কৰে। শিশু অতি নমনীয়, নিজকে পৰিবেশৰ সৈতে খাপখুৱাই বলৈ শিকে আৰু পৰিবেশৰ প্ৰয়োজনীয়তাত পৰিবৰ্তন ঘটে। পিয়াজেৰ মতে শিশুৱে অহৰহ আৰু অবিৰাম গতিত নিজৰ দেহ আৰু মনৰ সংগঠনত সক্ৰিয়া ভূমিকা লয়।

বিকাশৰ স্তৰঃ

শিক্ষা হৈছে বহল অৰ্থত এক বিকাশ প্ৰক্ৰিয়া। মানুহে জন্মৰ পিছৰে পৰা শিক্ষাৰ যোগেদি এক অবিৰত আৰু ক্ৰমাগত গতিত বিকাশৰ পথত অগ্ৰসৰ হয়। শিক্ষা আৰু বিকাশে মানুহক নতুন পৰিবেশত নিজকে সমাযোজন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা দিয়ে। মানুহৰ এই বিকাশ বিৰামহীনভাৱে জীৱনৰ এক সুদীৰ্ঘ কাল অতিক্ৰম কৰে, যাক সাধাৰণভাৱে চাৰিটা ভাগত বিভক্ত কৰিব পাৰি। এইকেইটা হৈছে- শৈশৱ, বাল্যকাল, কৈশোৰ আৰু বয়:প্ৰাপ্তি। অৱশ্যে এই চাৰিটা বিভিন্ন স্তৰত বিকাশৰ কাল ভাগ কৰি লোৱা হৈছে আমাৰ অধ্যয়নৰ সুবিধাৰ বাবেহে। প্ৰকৃততে সময়ৰ নিৰ্দ্দিষ্ট সীমাৰেখাৰে বিকাশৰ এই গতিক স্পষ্ট ৰূপত সীমায়িত কৰিব নোৱাৰি। মানুহৰ বিকাশ হৈছে অবিৰাম আৰু অবিচ্ছিন্নভাৱে সংঘটিত হোৱা এক গঠন প্ৰক্ৰিয়া। ব্যক্তিয়ে নিজে ধৰিব আৰু নোৱাৰাকৈয়ে এনে প্ৰক্ৰিয়া সংঘটিত হয়। অৱশ্যে ইয়াৰ স্বৰূপ অধ্যয়নৰ যোগেদিহে শিক্ষা-নীতি গ্ৰহণ আৰু তাৰ কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰি তোলাটো আমাৰ বাবে সম্ভৱ হৈ উঠিব পাৰে।

 

বৃদ্ধি আৰু বিকাশ

মানুহৰ বিকাশৰ স্তৰ আলোচনাৰ পূৰ্বেবিকাশশব্দৰ স্বৰূপ সম্বন্ধে আমাৰ স্পষ্ট ধাৰণাৰ প্ৰয়োজন। মন কৰিবলগীয়া যেবৃদ্ধিআৰুবিকাশ অৰ্থ একে নহয়।বৃদ্ধিহৈছে কোনো বস্তুৰ দৈহিক আৰু আবয়ৱিকভাৱে ক্ৰমে বাঢ়ি যোৱা অৱস্থা। মানুহৰ দেহৰ আকাৰ-আকৃতি, ওজন-উচ্চতা আৰু দেহ-কংকালৰ ক্ৰমে বাঢ়ি যোৱা অৱস্থাই হৈছে বৃদ্ধি। আনহাতেবিকাশশব্দৰ অৰ্থ ইয়াতকৈ বহল আৰু গুণগতভাৱে অৰ্থসূচক। বিকাশ হৈছে সামগ্ৰিক বিধৰ অৱস্থা, যি মানুহৰ দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক বিকাশৰ দিশ সামৰি লয়। হৈছে জীৱৰ জৈৱিক অস্তিত্বৰ ওপৰত পৰা পৰিবেশৰ অনুকূল-প্ৰতিকূল প্ৰভাৱৰ পৰিণতি।

 

বিকাশৰ সাধাৰণ বৈশিষ্ট্যঃ

মানুহৰ শিক্ষা-বিকাশৰ স্তৰ আৰু জীৱনৰ স্তৰ একে কথা নহয়। জীৱনৰ স্তৰ জীৱন ব্যাপি থাকে। হৈছে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বাণপ্ৰস্থ আৰু সন্ন্যাস। শিক্ষা-বিকাশৰ স্তৰ হৈছে- শৈশৱ, বাল্যকাল, কৈশোৰ আৰু বয়:প্ৰাপ্তি কাল। বিকাশৰ এই স্তৰকেইটাৰ বৈশিষ্ট্য তলত উল্লেখ কৰা হৈছে-

  • জীৱই পৰিবেশত কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ পৰিণতিয়েই হৈছে বিকাশ। আমাৰ সহজাত জৈৱিক ক্ষমতাৰ ওপৰত পৰিবেশে পেলোৱা প্ৰভাৱৰ ফলস্বৰূপেই বিকাশ সাধিত হয়।
  • এই বিকাশৰ গতি হৈছে এক নিৰন্তৰ, অবিচ্ছিন্ন আৰু দীৰ্ঘম্যাদী প্ৰক্ৰিয়া। দুটা স্তৰৰ মাজত সেয়েহে বিকাশৰ তেনে কোনো স্পষ্ট ব্যৱধান টানিব পৰা নাযায়।
  • দৈহিক, মানসিক, আবেগিক, সামাজিক আৰু নৈতিক দিশত হোৱা পৰিৱৰ্তনবোৰৰ এক সমন্বয় সাধন কৰি বিকাশ সংঘটিত হয়। এই সমূহ দিশৰ বিকাশ পৃথক আৰু স্বতন্ত্ৰ বিধৰ হৈ নুঠে।
  • বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপত হৈ নুঠে। কোনো সময়ত এই গতি দ্ৰুততৰ হৈ উঠে আৰু আন কোনো সময়ত মন্থৰ হৈ পৰে।
  • বিকাশৰ গতিৰ ক্ষেত্ৰত লিংগ প্ৰভেদৰ প্ৰশ্নও জড়িত হৈ থাকে। ৰা আৰু ছোৱালীৰ দেহ-মানসিক বিকাশৰ গতি আৰু ইয়াৰ প্ৰকৃতি একে নহয়।
  • ছোৱালীৰ বিকাশৰ গতি ৰাতকৈ প্ৰায় ডেৰ বছৰ আগুৱাই যায়। আৱেগ-অনুভূতিৰ ক্ষেত্ৰতো এনে প্ৰভেদ পৰিলক্ষিত হয়।

(Click here for Next Part) 

তথ্য আৰু গ্ৰাফিকচঃ ইণ্টাৰনেট
(আগলৈ...)


No comments