Breaking News

Notes for Assam TET-02 Sub: CDP

শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান
(Child Development & Pedagogy)

খণ্ডঃ ২

বিকাশৰ স্তৰ নিৰ্ধাৰণঃ

মানুহৰ বিকাশৰ স্তৰ বা পৰ্যায়কেইটাৰ বিভাজন আৰু তাৰ সময়সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত চিন্তাবিদসকলৰ মাজত মত-পাৰ্থক্য থকা দেখা যায়। ইয়াৰ এক সংক্ষিপ্ত বিৱৰণ তলত দাঙি ধৰা হৈছে।

 

ৰুচোৰ বিভাজনঃ
শিশু-শিক্ষা আৰু বিকাশৰ দিশত স্তৰ বিভাজনৰ ক্ষেত্ৰত দাৰ্শনিক ৰুচোৰ নাম প্ৰথমেই উল্লেখযোগ্য। তেওঁৰ বিভাজিত স্তৰকেইটা হৈছে-

জন্মৰ পৰা বছৰলৈ শৈশৱ কাল

-১২ বাল্যকাল

১২-১৫ ৰালি বা প্ৰাক্‌-কৈশোৰ কাল

১৫-২০ বয়:প্ৰাপ্তি বা শেহতীয়া কৈশোৰ কাল

আৰ্ণেষ্ট নচৰ বিভাজনঃ
ৰুচোৰ
বিভাজনৰ লগত সংগতি ৰাখি আৰ্ণেষ্ট নচে আন এটা নিৰ্ভৰযোগ্য স্তৰ বিভাজন কৰে। এইকেইটা হৈছে-

জন্মৰ পৰা বছৰলৈ শৈশৱ কাল

১২ বছৰলৈ শেহতীয়া বাল্যকাল

১৮ বছৰলৈ কৈশোৰ কাল

১৮ বছৰৰ পিছত বয়:প্ৰাপ্তি কাল

ৰাইবাৰ্ণৰ বিভাজনঃ
শিক্ষাবিদ
ৰাইবাৰ্ণে বিকাশৰ স্তৰ অধিক সূক্ষ্মভাৱে বিভাজন কৰি দেখুৱায়। তেওঁৰ এই বিভাজনকেইটা হৈছে-

শৈশৱ জন্মৰ পৰা আঢ়ৈ বছৰলৈ

আগতীয়া বাল্যকাল- তিনিৰ পৰা ছয়-সাত বছৰ (মানসিক বিকাশ পৰ্যায়)

অৱস্থানৰ প্ৰাপ্তি কাল- ছয়-চাৰে ছয়ৰ পৰা আঠ বছৰ (দৈহিক বিকাশ পৰ্যায়)

শেহতীয়া বাল্যকাল- আঠৰ পৰা বাৰ বছৰ (মানসিক বিকাশ পৰ্যায়)

আগতীয়া কৈশোৰ- বাৰৰ পৰা চৈধ্য বছৰ (দৈহিক বিকাশ পৰ্যায়)

শেহতীয়া কৈশোৰ- চৈধ্যৰ পৰা ওঠৰ বছৰ (মানসিক বিকাশ পৰ্যায়)

 

ওপৰত কৰা এনেবোৰ সূক্ষ্ম বিভাজনৰ পৰা বিকাশৰ স্তৰ সাধাৰণভাৱে আলোচনা কৰিবলৈ চাৰিটা ভাগত বিভক্ত কৰি তুলিব পাৰি। এইকেইটা হৈছে- শৈশৱ কাল, বাল্যকাল, কৈশোৰ আৰু বয়:প্ৰাপ্তি। ইয়াৰে প্ৰথম তিনিটা স্তৰ শিক্ষা-বিকাশৰ দিশৰ পৰা অধিক স্পষ্ট আৰু গুৰুত্বপূৰ্ণ।

শৈশৱ কালঃ
জন্মৰ
পৰা বছৰ বয়সলৈকে জীৱনৰ এই আগলি সময়ছোৱাক শৈশৱ কাল বুলি জনা যায়। শৈশৱৰ ক্ৰমাগত বিকাশৰ গতি এনে ধৰণৰ-

  • জন্মৰ পৰা বছৰলৈ শৈশৱ কাল।
  • জন্ম হোৱাৰ পৰা নাড়ী সংযোগ বিচ্ছিন্ন নকৰালৈকে সদ্যোজাত বোলা হয়।
  • নাড়ী সংযোগ বিচ্ছিন্ন হোৱাৰে পৰা প্ৰায় এমাহ সময়লৈকে নৱজাত।
  • নৱজাত শিশুৰ বিশেষত্ব হৈছে পৰিবেশত দৈহিক সমাযোজন স্থাপনৰ বাবে কৰা চেষ্টা।
  • এই সময়ত শিশুৰ দৈহিক প্ৰতিক্ৰিয়াক বোলা হয় প্ৰতিবৰ্ত ক্ৰিয়া পৰ্যায়।
  • নৱজাত পৰ্যায়ৰ অন্তত দুবছৰৰ শেষলৈকে বোলা হয় শিশুৰ কেঁচুৱা কাল।
  • এই সময়ত দৈহিক বিকাশৰ গতি হয় সৰ্বাধিক।

শৈশৱৰ দেহ-মানসিক বিকাশৰ বৈশিষ্ট্যঃ

শৈশৱ কালে ব্যক্তিৰ পৰৱৰ্তী বিকাশৰ ভেঁটি স্থাপন কৰে। শিশু-বিকাশৰ দিশবোৰ হৈছে- দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক। এনেবোৰ দিশৰ বিকাশৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হৈছে-

  • দৈহিক বিকাশৰ দ্ৰুততা- দ্ৰুত দৈহিক বিকাশ হৈ উঠে যদিও শিশু দৈহিকভাৱে পৰনিৰ্ভৰশীল হৈ থাকে।
  • সঞ্চালন ক্ষমতাৰ বিকাশ- দেহৰ অংগ সঞ্চালন, নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন ক্ষমতা সি আয়ত্ব কৰি উঠে।
  • খেলা প্ৰৱণতা- খেলা প্ৰৱণতাই শিশুক অংগ সঞ্চালনৰ দ্ৰুততা আৰু ক্ৰিয়া পটুতা প্ৰদান কৰে।
  • সংবেদনাত্মক বিকাশ- সংবেদন অনুভূতিৰ বিকাশ হৈ উঠি দৃষ্টি, শ্ৰৱণ আৰু স্পৰ্শ অনুভূতিৰে মানসিক জীৱন গঢ় দি তোলে।
  • ভাষা বিকাশ- কথিত আৰু লিখিত ভাষা জ্ঞান আয়ত্ব কৰি সি সুখ-দুখৰ অনুভূতি ভালদৰে প্ৰকাশ কৰিব পাৰে।
  • কৌতূহল প্ৰৱণতা- মানসিক বিকাশে শিশুক তাৰ পৰিবেশৰ প্ৰতি অধিক কৌতূহলী কৰি তোলে।
  • কল্পনা প্ৰৱণতা- শিশু অধিক কল্পনাপ্ৰৱণ হৈ উঠি মনত বাস্তৱ-অবাস্তৱৰ মাজত ভ্ৰান্তিৰ সৃষ্টি হয়।
  • সৰ্বপ্ৰাণবাদিতা- শিশুৱে সজীৱ আৰু নিৰ্জীৱৰ মাজত পাৰ্থক্য ধৰিব নোৱাৰি সৰ্বপ্ৰাণবাদিতাৰ আচৰণ প্ৰদৰ্শন কৰে।
  • অনুকৰণ প্ৰৱণতা- অপৈণত জ্ঞান-অভিজ্ঞতাৰ ফলত শিশু অধিক অনুকৰণপ্ৰিয় হৈ উঠে।
  • প্ৰবৃত্তিমূলক প্ৰৱণতা- চিন্তা-যুক্তি, বিচাৰ-বিবেচনাৰ অভাৱত শিশু-আচৰণত অধিক প্ৰবৃত্তিমূলক প্ৰৱণতা পৰিলক্ষিত হয়।
  • আৱেগৰ স্থায়ীত্বহীনতা- শিশু আৱেগিকভাৱে অপৈণত হৈ থকা হেতুকে তাৰ সুখ দুখবোৰ ক্ষণস্থায়ী হয়।
  • আত্মকাম প্ৰৱণতা- শিশুৰ যৌন-জীৱন থাকে আৰু ইয়াক আত্ম-কাম প্ৰৱণতা বুলি জনা যায়।
আত্ম-কেন্দ্ৰিকতা- শিশুৰ ভাৱ-চিন্তা একান্ত ব্যক্তিকেন্দ্ৰিক আৰু আত্মকেন্দ্ৰিক। সি সামাজিক মনোভাৱ আৰু আচৰণ প্ৰদৰ্শন কৰিব নোৱাৰে।

(Click here for Previous Part) 
 
(Click here for Next Part) 

তথ্য আৰু গ্ৰাফিকচঃ ইণ্টাৰনেট
(আগলৈ...)

No comments