Breaking News

Notes for Assam TET-03 Sub: CDP

শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান
(Child Development & Pedagogy)

খণ্ডঃ ৩


শিশুৰ দেহ-মানসিক প্ৰয়োজনঃ

শিশুৰ দেহ-মানসিক প্ৰয়োজন পূৰণৰ ওপৰতেই তাৰ সুস্থ বিকাশ নিৰ্ভৰ কৰে। এই প্ৰয়োজনবোৰৰ শিক্ষামূলক গুৰুত্ব এয়ে যে ইয়াৰ প্ৰতি দৃষ্টি ৰাখিহে পিতৃ-মাতৃ আৰু শিশু যতনকাৰীসকলে শিশু-শিক্ষা আৰু বিকাশৰ আঁচনি সাৰ্থকভাৱে কৰি উঠিব পাৰে। ইয়াৰ চমু উল্লেখ তলত কৰা হৈছে-

  • দৈহিক আদৰ-যত্নৰ প্ৰয়োজন- শিশু দৈহিকভাৱে পৰনিৰ্ভৰশীল হোৱা হেতুকে তাৰ দৈহিক আদৰ-যত্ন, সুস্বাস্থ্য ৰক্ষা আৰু সুঅভ্যাস গঠনৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগে।
  • খেলা-ধূলাৰ প্ৰয়োজন- খেলাই শিশুৰ দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক বিকাশৰ প্ৰয়োজন পূৰণ কৰিব পাৰে।
  • কৌতূহল পূৰণৰ প্ৰয়োজন- শিশু মনৰ কৌতূহল পূৰণৰ বাবে তাৰ বৈষয়িক পৰিৱেশ উন্নত কৰি তুলিব লাগে।
  • মৰমৰ প্ৰয়োজন- শিশুৰ মৰমৰ প্ৰয়োজন পূৰণ কৰি শিশু-ব্যক্তিত্বত আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয়ৰ ভাব জগাই তুলিব লাগে।
  • নিৰাপত্তাৰ প্ৰয়োজন- শিশু মনৰ ভীৰুতা আৰু হীনাত্মিকা ভাব গুচাই তাৰ মনত আৱেগিক নিৰাপত্তাৰ ভাব জগাই তুলিব লাগে।
  • মৰ্যাদাৰ প্ৰয়োজন- সুস্থ সামাজিক বিকাশৰ বাবে পৰিয়ালৰ মাজত শিশুক যথোচিত স্থান, মান আৰু সামাজিক মৰ্যাদা প্ৰদান কৰিব লাগে।
  • স্বাধীনতাৰ প্ৰয়োজন- শিশুৰ স্বভাৱসুলভ মুক্ততাৰ প্ৰতি লক্ষ্য ৰাখি খেলা-ধূলাৰ এক মুক্ত আৰু স্বত:সফূৰ্ত পৰিবেশ প্ৰদান কৰিব লাগে।

শিশুৰ বিকাশত গৃহ পৰিবেশৰ প্ৰভাৱঃ

শিশুৰ ওপৰত পৰা গৃহ পৰিবেশৰ প্ৰভাৱবোৰৰ স্বৰূপ তলত সংক্ষেপে উল্লেখ কৰা হৈছে-

  • দৈহিক প্ৰভাৱ- গৃহ পৰিবেশৰ সুস্থ দৈহিক প্ৰভাৱৰ ওপৰতেই শিশু স্বাস্থ্য একান্ত নিৰ্ভৰ কৰে, যি পিতৃ-মাতৃৰ বাবে এক কষ্ট সাধ্য দায়িত্ব।
  • বৈষয়িক প্ৰভাৱ- পৰিয়ালৰ সুস্থ বৈষয়িক পৰিবেশেহে শিশুৰ অন্ন-বস্ত্ৰৰ প্ৰয়োজন আৰু খেলা-ধূলাৰ প্ৰয়োজন পূৰণ কৰি সুস্থ ব্যক্তিত্ব গঢ় দি তুলিব পাৰে।
  • আৱেগিক প্ৰভাৱ- পৰিয়ালৰ লোকৰ মৰম-চেনেহ আৰু আন্তৰিকতাই শিশুক আৱেগিক নিৰাপত্তা প্ৰদান কৰি তাৰ সুস্থ আকৰ্ষণীয় ব্যক্তিত্ব গঢ়ি তুলিব পাৰে।
  • সাংস্কৃতিক প্ৰভাৱ- পৰিয়ালৰ মাজত লাভ কৰা সাংস্কৃতিক প্ৰভাৱৰ যোগেদি সামাজিক আচৰণ আৰু পৰম্পৰাৰ প্ৰতি আস্থা, নিষ্ঠা আৰু আনুগত্যৰ ভাব গঢ়ি তুলিব পাৰে।
  • নৈতিক প্ৰভাৱ- শিশুৰ মনত ন্যায়-অন্যায়, উচিত-অনুচিত আদিৰ নৈতিক চেতনা, মনোভাৱ আৰু মূল্যবোধ আদি পৰিয়ালৰ মাজতেই গঢ় লৈ উঠে।
  • অনুশাসনৰ প্ৰভাৱ- শিশুৰ ভাৱ-চিন্তা, ক্ৰিয়া-আচৰণ আৰু অভ্যাস গঠনত আনুগত্য আৰু অনুশাসনৰ মনোভাৱ গৃহ পৰিৱেশেই গঢ় দি তোলে।

শিশুৰ প্ৰতি পৰিয়ালৰ ভূমিকাঃ

সচেতন পিতৃ-মাতৃয়ে আজিৰ শিশুৰ প্ৰতি গ্ৰহণ কৰিবলগীয়া কেতবোৰ ভূমিকা তলত সংক্ষেপে উল্লেখ কৰা -

  • মৰম-চেনেহৰ এক আন্তৰিকতাপূৰ্ণ গৃহ পৰিৱেশ শিশুৰ বাবে গঢ় দি তুলিব লাগে।
  • পিতৃ-মাতৃয়ে শিশুৰ দেহ-মানসিক প্ৰয়োজনবোৰ যথোচিতভাৱে পূৰণ কৰিব লাগে।
  • শিশুৰ আত্মপ্ৰকাশ আৰু বিকাশৰ বাবে মুক্ত-স্বত:সফূৰ্ত খেলাৰ পৰিবেশ ৰচনা কৰিব লাগে।
  • নিয়ন্ত্ৰিতভাৱে ক্ৰিয়া অনুশীলনৰ যোগে শিশুৰ সজ অভ্যাস গঠন কৰিব লাগে।
  • শিশুক সমাজৰ সাংস্কৃতিক জীৱনৰ নীতি-নিয়ম আৰু ক্ৰিয়া-কলাপৰ লগত পৰিচয় কৰাই দিব লাগে।
  • পিতৃ-মাতৃয়ে শিশুক পৰিয়ালৰ মাজত আদৰ-যত্নৰ আশ্বাস আৰু আৱেগিক নিৰাপত্তা দিব লাগে।
  • পৰিয়ালৰ মাজত শিশুৰ স্থান, মান, আত্মসন্মান আৰু সামাজিক স্বীকৃতি প্ৰদান কৰিব লাগে।
  • পিতৃ-মাতৃৰ অনুশাসন ব্যৱস্থা অৱদমন মুক্ত কৰি গণতান্ত্ৰিক মনোভাৱৰ কৰি তুলিব লাগে।
  • পৰিয়ালত তেওঁলোকে শিশুক অধিক সময়ৰ বাবে লগ দিব লাগে আৰু তাৰ মন বুজিবলৈ চেষ্টা কৰিব লাগে। 
  • সমাজৰ সকলোবোৰ সম্ভাৱ্য অসুস্থ আৰু অনিষ্টকাৰী প্ৰভাৱৰ পৰা শিশুক নিলগত ৰাখিব লাগে।

(Click here for Previous Part) 
 
(Click here for Next Part) 

তথ্য আৰু গ্ৰাফিকচঃ ইণ্টাৰনেট
(আগলৈ...)

No comments