Breaking News

Notes for Assam TET-04 Sub: CDP

শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান
(Child Development & Pedagogy)

খণ্ডঃ ৪


শৈশৱ কালৰ শিক্ষাঃ

বিকাশৰ বিভিন্ন স্তৰৰ বৈশিষ্ট্য অনুসৰি সেই সেই পৰ্যায়ৰ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। শিশুৰ দেহ-মানসিক বৈশিষ্ট্য, প্ৰয়োজন, আগ্ৰহ-অভিৰুচি আৰু ক্ষমতা আদিৰ ওপৰত ভিত্তি কৰিহে শিক্ষাৰ লক্ষ্য, শিক্ষাদানৰ বিষয়-বস্তু, শিক্ষণ আৰু অনুশাসন পদ্ধতি আদি গঢ় দি তুলিব লাগে। ইয়াৰ বাবে শিক্ষানুষ্ঠান বিশেষ ৰূপত গঢ় দি তুলিব লাগে আৰু শিক্ষকসকল প্ৰশিক্ষণপ্ৰাপ্ত হৈ উঠিব লাগে।

 

প্ৰাক্‌-প্ৰাথমিক শিক্ষা পৰ্যায়ৰ স্বৰূপঃ

শৈশৱৰ পৰিকল্পিত অথচ শিশুকেন্দ্ৰিক মুক্ত শিক্ষা ব্যৱস্থাক প্ৰাক্‌-প্ৰাথমিক শিক্ষা বুলি জনা যায়। এই শিক্ষাৰ কাল হৈছে সাধাৰণভাৱে শিশুৰ বছৰৰ পৰা বছৰ বয়সলৈকে। লিখা-পঢ়াৰ আনুষ্ঠানিক শিক্ষা দিয়াৰ পৰিৱৰ্তে শিশুৰ দেহতন্ত্ৰ, স্নায়ুতন্ত্ৰ আৰু ইন্দ্ৰিয়সমূহ সক্ষম কৰি তোলা আৰু ভৱিষ্যতৰ ক্ৰিয়া অভিজ্ঞতা আহৰণৰ বাবে উপযুক্ত কৰি তোলাটো ইয়াৰ উদ্দেশ্য। এই পৰ্যায়ৰ শিক্ষা দৈহিক ক্ৰিয়াৰ অনুশীলনৰ যোগে অভ্যাস গঠনমূলক, মুক্ত খেলা প্ৰৱণতামূলক আৰু শিশুৰ দৈহিক প্ৰয়োজন পূৰণ কৰিব পৰাকৈ লালন-পালনমূলক।

 

ইয়াৰ লক্ষ্য-উদ্দেশ্যঃ

শৈশৱ কালৰ বিকাশৰ বৈশিষ্ট্যৰ প্ৰতি দৃষ্টি ৰাখি ইয়াৰ শিক্ষা ব্যৱস্থাৰ প্ৰধান উদ্দেশ্যসমূহ তলত দাঙি ধৰা হৈছে।

  • শিশুৰ আত্মকেন্দ্ৰিক স্বভাৱ গুচাই সামাজিক মনোভাৱ গঢ়ি দি তোলা।
  • দেহযন্ত্ৰ, ইন্দ্ৰিয় আৰু অংগ-প্ৰত্যংগবোৰৰ কৰ্মদক্ষতা, যথাৰ্থতা আৰু ক্ৰিয়া পটুতা বৃদ্ধি কৰি তোলা।
  • শিশুৰ দৈহিক স্বাস্থ্য ৰক্ষা সম্বন্ধীয় মৌলিক জ্ঞান দিয়া।
  • দৈনন্দিন জীৱনৰ সাধাৰণ ক্ৰিয়া-আচৰণবোৰৰ প্ৰয়োজনীয় অভ্যাস গঠন কৰা।
  • শিশুৰ ভাৱ-অনুভূতি আৰু ক্ৰিয়া-আচৰণত অনুশাসনৰ মনোভাৱ আৰু চেতনা জগাই তোলা।
  • শিশুৰ আৱেগ-অনুভূতিবোৰ অৱদমন-মুক্ত কৰি স্বত:সফূৰ্তভাৱে আত্মপ্ৰকাশ আৰু বিকাশৰ সুবিধা দিয়া।
  • শিশু মনৰ অবাস্তৱ কল্পনাৰ প্ৰভাৱ হ্ৰাস কৰি বাস্তৱৰ অভিজ্ঞতা প্ৰদান কৰা।
  • আখৰ আৰু সংখ্যাৰ প্ৰাথমিক জ্ঞান দিয়া।
  • পৰৱৰ্তী কালত প্ৰাথমিক শিক্ষাৰ পৰ্যায়ত শিশুক মানসিকভাৱে সুস্থ সমাযোজনত সহায় কৰা।
  • শিশুৰ গৃহ আৰু স্কুলৰ শিক্ষা পৰিৱেশৰ মাজত সমন্বয় সাধন কৰা।

 শিশুৰ এই পৰ্যায়ৰ ক্ৰিয়া আঁচনিঃ

প্ৰাক্‌-প্ৰাথমিক শিক্ষাত পূৰ্বে নিৰ্ধাৰিত কৰি ৰখা পাঠ্যক্ৰম আৰু অধ্যয়নৰ বিষয়সূচী নাথাকে। কিক্তু তথাপিও এই পৰ্যায়ৰ শিক্ষাৰ পূৰ্ব-পৰিকল্পিত কেতবোৰ শিক্ষা আৰু ক্ৰিয়া আঁচনি থাকে, যাৰ যোগেদি এই শিক্ষাৰ লক্ষ্য-উদ্দেশ্যসমূহ পূৰণ কৰি তোলা হয়। ইয়াৰ স্বৰূপ তলত দাঙি ধৰা হৈছে।

  • শিশুৰ দৃষ্টি, শব্দ আৰু স্পৰ্শ অনুভূতিৰ শিক্ষা দি বস্তুৰ আকাৰ-প্ৰকাৰ, ৰং, ওজন, কোমলতা, কঠিনতা, উপযোগিতা আৰু প্ৰায়োগিকতা আদিৰ সম্বন্ধে শুদ্ধ আৰু সঠিক জ্ঞান দিব লাগে।
  • দৈনন্দিন জীৱনৰ সহজ-সৰল ক্ৰিয়া-কলাপবোৰ প্ৰণালীৱদ্ধভাৱে কৰিবলৈ শিকাব লাগে। এই সমূহৰ ভিতৰত হাত-মুখ ধোৱা, চুলি ফণিওৱা, বস্তু হাতেৰে ধৰা আৰু পৰিপাটিকৈ থোৱা, পোছাক পিন্ধা আৰু খোলা আদি কাৰ্য উল্লেখযোগ্য।
  • সময়ানুবৰ্তিতা, নিয়মানুবৰ্তিতা, অনুশাসনীয়তা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিৰ সম্বন্ধে ক্ৰিয়া অনুশীলনৰ যোগেদি অভ্যাস গঠন কৰিব লাগে।
  • গল্প কোৱা, চিত্ৰ অঁকা আৰু চিত্ৰত ৰঙৰ প্ৰয়োগ কৰা, নৃত্য-গীত, আবৃত্তি আদিৰ যোগে শিশুৰ ছন্দময় প্ৰকাশৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।
  • গল্প কোৱা, চিত্ৰ অঁকা আৰু চিত্ৰত ৰঙৰ প্ৰয়োগ কৰা, নৃত্য-গীত, আবৃত্তি আদিৰ যোগে শিশুৰ ছন্দময় প্ৰকাশৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।
  • ইয়াৰ যোগেদি শিশু-কল্পনাৰ সৃজনাত্মক ৰূপ দিব লাগে আৰু স্বত:সফূৰ্ত আত্মপ্ৰকাশত সহায় কৰিব লাগে।
  • প্ৰকৃতি আৰু পৰিবেশ অধ্যয়ন কৰা, দলগত ক্ৰিয়া আৰু খেলা-ধূলাত অংশগ্ৰহণ কৰা, নৈতিক শিক্ষা দিয়া আদি কাৰ্যসূচীও প্ৰাক্‌-প্ৰাথমিক শিক্ষাৰ অন্তৰ্ভূক্ত কৰা হয়।
  • আখৰ আৰু সংখ্যাৰ মৌলিক জ্ঞান শিশুক খেলাৰ চলেৰে দিয়া হয়।

শিক্ষাদান পদ্ধতিঃ

এই পৰ্যায়ৰ শিক্ষাদান পদ্ধতিৰ বৈশিষ্ট্যকেইটা তলত উল্লেখ কৰা হৈছে-

  • শিশুৰ শিক্ষাব্যৱস্থা লাগে ক্ৰিয়াত্মক আৰু ব্যক্তিকেন্দ্ৰিক।
  • খেলাৰ পৰিবেশত, খেলাৰ সঁজুলিৰে আৰু খেলাৰ মনোভাৱেৰে শিক্ষা দিব লাগে।
  • শিশুৱে নিজস্বভাৱে বাবে বাৰে কৰা প্ৰচেষ্টা আৰু ভুলৰ যোগে আত্ম-শিক্ষা লাভ কৰিব লাগে।
  • শিশু-শিক্ষাৰ নীতি হৈছে স্বত:প্ৰণোদিত আৰু আত্মনিদেৰ্শনামূলক।
  • শিক্ষকৰ ভূমিকা হৈছে শিশু-আচৰণ নিৰীক্ষকাৰী আৰু নিদেৰ্শনা প্ৰদানকাৰী। 
  • এই পৰ্যায়ৰ শিক্ষাদানৰ বাবে শিক্ষক প্ৰশিক্ষণপ্ৰাপ্ত লাগে।

(Click here for Previous Part) 
 
 
পৰৱৰ্তী খণ্ডৰ বাবে ইয়াতে ক্লিক কৰক
(Click here for Next Part) 

তথ্য আৰু গ্ৰাফিকচঃ ইণ্টাৰনেট
(আগলৈ...)

 

No comments