Breaking News

Notes for Assam TET-05 Sub: CDP

 শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান
(Child Development & Pedagogy)

খণ্ডঃ ৫


প্ৰাক্‌-প্ৰাথমিক শিক্ষাৰ বিভিন্ন প্ৰকাৰৰ স্কুলঃ

বৰ্তমান সময়ত প্ৰাক্‌-প্ৰাথমিক শিক্ষাৰ প্ৰয়োজন সমাজৰ সকলো শ্ৰেণী লোকেই অনুভৱ কৰি উঠে। কিন্তু তথাপিও এই শিক্ষা চৰকাৰী কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালনা কৰা নহয়। এইবিধ শিশু-শিক্ষা পৰিচালনাৰ দায়িত্ব বিভিন্ন বে-চৰকাৰী কৰ্তৃপক্ষই গ্ৰহণ কৰে। সেই অনুক্ৰমে এই পৰ্যায়ৰ শিক্ষানুষ্ঠানবোৰৰ গুণমান আৰু শিক্ষাদান ব্যৱস্থা ভিন্ভিন্ধৰণৰ হৈ উঠে। ইয়াৰ কেতবোৰ প্ৰচলিত অনুষ্ঠান -

  • কিণ্ডাৰগাৰ্টেন স্কুল
  • মণ্টেচৰী স্কুল
  • নাৰ্চাৰী স্কুল
  • প্ৰাক্‌-প্ৰাথমিক স্কুল
  • প্ৰাক্‌-বুনিয়াদী স্কুল
  • বালৱাড়ী
  • অংগনৱাড়ী
  • সংহত শিশু-বিকাশ সেৱা আঁচনি

 

বাল্যকালঃ

বাল্যকালক ব্যক্তিৰ শিক্ষা বিকাশৰ দ্বিতীয় স্তৰ স্বৰূপে গণ্য কৰা হয়। শিশুৰ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সলৈকে এই স্তৰৰ সময়সীমা ধৰা হয়। এই সময়ৰ লক্ষ্যণীয় বৈশিষ্ট্যবোৰ নিম্নলিখিত বিধৰ-

  • বাল্যকালক আগতীয়া বাল্যকাল আৰু শেষতীয়া বাল্যকাল বা প্ৰাক্‌-কৈশোৰ স্বৰূপে দুটা উপ-বিভাগ কৰা হয়।
  • বিকাশৰ দৃষ্টিকোণৰ পৰা শেষতীয়া বাল্যকাল অধিক তাৎপৰ্যপূৰ্ণ হৈ উঠে।
  • বাল্যকালক সাধাৰণতে লিখা-পঢ়া কৰা সময় বা ‘Schooling age’ বুলি জনা যায়।
  • দৈহিক বিকাশতকৈ শিশুৰ মানসিক বিকাশে এই সময়ছোৱাত অধিক প্ৰাধান্য লাভ কৰে।
  • শিশুৰ সামাজিক প্ৰৱণতা আৰু দলগত আচৰণ বিশেষ মন কৰিবলগীয়া।
  • আনুষ্ঠানিক শিক্ষাৰ নীতি-নিয়ম আৰু অনুশাসনৰ প্ৰতি শিশুৱে বিশেষ আনুগত্য ভাব প্ৰকাশ কৰে।
  • বিকাশৰ আনকেইটা পৰ্যায়তকৈ বাল্যকাল আপেক্ষিকভাৱে সমস্যামুক্ত হৈ উঠে।

 

বাল্যকালৰ সাধাৰণ বৈশিষ্ট্যসমূহঃ

  • শিক্ষা আহৰণ ক্ষমতা- লিখা-পঢ়া আৰু অংক কৰা আদিৰ ক্ষমতা আৰু দায়িত্ববোধ ভাৱ শিশুৱে আহৰণ কৰে। শিক্ষকক আদৰ্শ ব্যক্তিস্বৰূপে বিবেচনা কৰি তেওঁৰ সকলো অনুভূতি, ভাৱ-চিন্তা আৰু ক্ৰিয়া নিৰ্বিবাদে অনুকৰণৰ প্ৰৱণতা এই সময়ত পৰিলক্ষিত হয়।
  • বৌদ্ধিক যোগ্যতা- স্মৃতি, মনোযোগ, আগ্ৰহ, কল্পনা, চিন্তা আদি বৌদ্ধিক যোগ্যতাবোৰ শিশুৱে আহৰণ কৰিব পাৰে। তাৰ জ্ঞান-অভিজ্ঞতা কেৱল গ্ৰহণমুখী হৈ পৰাৰ পৰিৱৰ্তে ক্ৰমে সৃজনমুখী হৈ উঠিবলৈও ধৰে।
  • সামাজিক চেতনাৰ বিকাশ- আত্মকেন্দ্ৰিক প্ৰৱণতা গুচাই শিশুৱে সামাজিক চেতনা লাভ কৰি উঠে।
  • বহিৰ্মুখিতা- মনৰ দু:চিন্তা, দুৰ্ভাৱনাৰ পৰিৱৰ্তে বাস্তৱ জগতৰ প্ৰতি আগ্ৰহী হৈ উঠা বাবে শিশুক বহিৰ্মুখী ব্যক্তি বুলি পাৰি। ভৱিষ্যৎ জীৱনৰ পৰিকল্পনা, চিন্তা-ভাৱনা, দু:চিন্তা-দুৰ্ভাৱনা আদি কৰিবৰ বাবে তাৰ সময় আৰু প্ৰয়োজন নাথাকে।
  • খেলা-প্ৰৱণতা- বহিৰ্মুখী মন আৰু আচৰণে শিশুক এই সময়ত অধিক খেলাপ্ৰৱণ কৰি তোলে। খেলা-প্ৰৱণতা আৰু পৰিবেশে শিশুক এই সময়ত তাৰ আত্মকেন্দ্ৰিকতাৰ ভাৱ বহু পৰিমাণে গুচাব পাৰে।
  • দলীয় আনুগত্য- দলৰ প্ৰতি আগ্ৰহী হৈ শিশুৱে দলীয় নীতি-নিয়মৰ প্ৰতি আনুগত্য ভাৱ প্ৰকাশ কৰি উঠে। এই মনোভাৱে শিশুক গণতান্ত্ৰিক মনোভাৱৰ কৰি তোলে।
  • সমকামিতা- ৰাই ৰাৰ প্ৰতি আৰু ছোৱালীয়ে ছোৱালীৰ প্ৰতি আগ্ৰহী হৈ সমকামিতা ভাৱ প্ৰকাশ কৰে।
  • ভিন ভিন প্ৰবৃত্তিৰ প্ৰৱণতা- শিশুৰ ভিন ভিন প্ৰবৃত্তিয়ে গঠনাত্মক ৰূপ ধাৰণ কৰি উঠে। প্ৰাক্‌-কৈশোৰ কালত বিপৰীত লিংগৰ প্ৰতি ভাৱ আৰু আচৰণ জটিলতৰ হৈ উঠে।
  • আৰ্জিত অভিৰুচি- বাল্যকালৰ দ্বিতীয়াৰ্ধত মনৰ আগ্ৰহ-অভিৰুচি কোনো বিশেষ বিষয়ৰ প্ৰতি আৰ্জিত ৰূপ ধাৰণ কৰে। এনে আৰ্জিত আগ্ৰহে পৰৱৰ্তী কালত নিজ ক্ৰিয়া আচৰণ আৰু অধ্যয়ন বিশিষ্ট ৰূপত গঢ় দি তোলে।
  • সৃষ্টি প্ৰতিভাৰ বিকাশ- প্ৰাক্‌-কৈশোৰ কালত শিশুৰ সৃষ্টিপ্ৰতিভা অংকুৰিত হৈ উঠে। খেলা-ধূলা, নৃত্য-গীত, বৌদ্ধিক ক্ৰিয়া আদিৰ দিশত অসাধাৰণ প্ৰতিভাৰ সম্ভাৱনীয়তা বহন কৰা শিশুক শিক্ষকে চিনাক্ত কৰিব পাৰে।

 

শৈশৱ আৰু বাল্যকালৰ প্ৰভেদঃ

শৈশৱ আৰু বাল্যকাল হৈছে বিকাশৰ দুটা স্পষ্ট আৰু সুনিৰ্দ্দিষ্ট স্তৰ। এই দুয়ো স্তৰৰ বিকাশৰ বৈশিষ্ট্যবোৰৰ সূক্ষ্ম বিবেচনা কৰিলে কেতবোৰ প্ৰভেদ আমাৰ মনত স্পষ্ট হৈ উঠে। এইবোৰ হৈছে নিম্নলিখিত বিধৰ।

শৈশৱকাল

বাল্যকাল

স্থিতিকাল জন্মৰ পৰা পাঁচ বছৰ বয়সলৈ।

স্থিতিকাল ছবছৰৰ পৰা বাৰ বছৰ বয়সলৈ।

দ্ৰুত দৈহিক বিকাশ বিশেষভাৱে পৰিলক্ষিত হয়।

দ্ৰুত মানসিক বিকাশ বিশেষভাৱে পৰিলক্ষিত হয়।

দৈহিকভাৱে আনৰ ওপৰত নিৰ্ভৰশীল।

দৈহিক পৰনিৰ্ভৰশীলতাৰ ভাৱ কমিবলৈ ধৰে।

ক্ৰিয়া আচৰণ চঞ্চল আৰু প্ৰবৃত্তি পৰিচালিত হয়।

ভিন ভিন গঠনাত্মক প্ৰবৃত্তি পৰিলক্ষিত হয়।

দৈহিক প্ৰয়োজন পূৰণমুখী আৰু আত্মকেন্দ্ৰিক স্বভাৱৰ হয়।

মানসিক আৰু সামাজিক প্ৰয়োজন অনুভৱ কৰে।

যিকোনো লোকৰ লগত আৰু অকলেও খেলা-ধূলা কৰে।

কেৱল সমনীয়াৰ লগতহে খেলা-ধূলা কৰিবলৈ বিচাৰে।

যৌন-জীৱন হৈছে আত্মকামমূলক।

যৌন-জীৱন হৈছে সমকামমূলক।

আনুষ্ঠানিক শিক্ষাৰ বাবে শিশুৰ মানসিক প্ৰস্তুতি নাথাকে।

আনুষ্ঠানিক শিক্ষাৰ বাবে শিশুৰ মানসিক প্ৰস্তুতি আহি পৰে।

ক্ৰিয়া-আচৰণত অনুশাসনীয়তাৰ ভাব নাথাকে।

অনুশাসন আৰু আনুগত্যৰ ভাব মনত গঢ়ি উঠে।

কল্পনাবিলাসী হোৱাৰ বাবে কল্পনা আৰু বাস্তৱৰ পাৰ্থক্য কৰিব নোৱাৰে।

কল্পনাবিলাসী ভাব কমি আহে আৰু বাস্তৱক অনুভৱ কৰি উঠিব পাৰে।

আৱেগ-অনুভূতি -নিয়ন্ত্ৰিত অৱস্থাত থাকে।

আৱেগ-অনুভূতি নিয়ন্ত্ৰিত আৰু যুক্তিসংগত হৈ উঠে।

সুপ্ত অন্তৰ্নিহিত শক্তিৰ আত্মপ্ৰকাশ হৈ নুঠে।

সুপ্ত অন্তৰ্নিহিত শক্তিয়ে প্ৰকাশৰ পথ বিচাৰে।

 

(Click here for Previous Part) 
 
(Click here for Next Part) 

তথ্য আৰু গ্ৰাফিকচঃ ইণ্টাৰনেট
(আগলৈ...)

 

No comments