Notes for Assam TET-06 Sub: CDP
শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান
(Child
Development & Pedagogy)
খণ্ডঃ ৬
বাল্যকালৰ শিক্ষা ব্যৱস্থাঃ
বাল্যকাল শিক্ষা আহৰণৰ সময়। এই পৰ্যায়ৰ শিক্ষাক প্ৰাথমিক শিক্ষা বোলা হয় এইবাবেই যে ই মানুহৰ শিক্ষা জীৱনৰ প্ৰাথমিক বা মৌলিক প্ৰয়োজন পূৰণ কৰে। সেইবাবে ইয়াক অনিবাৰ্য আৰু বাধ্যতামূলক শিশা স্বৰূপে গণ্য কৰা হয়। এই স্তৰৰ বাবে প্ৰস্তুত কৰি তোলা প্ৰাথমিক শিক্ষাৰ কেতবোৰ বিবেচনাযোগ্য দিশ তলত বিশ্লেষণ কৰি চোৱা হৈছে।
প্ৰাথমিক শিক্ষা পৰ্যায়ৰ লক্ষ্য-উদ্দেশ্যঃ
- লিখা-পঢ়া আৰু অংক কৰাৰ যোগেদি ব্যক্তিক সাক্ষৰতা দান কৰিব লাগে।
- শিক্ষাৰ গুণমান উন্নত কৰাতকৈ সাক্ষৰ লোকৰ সংখ্যা বৃদ্ধি কৰি তোলাটোহে ইয়াৰ প্ৰধান উদ্দেশ্য।
- শিশুক জ্ঞান-অভিজ্ঞতাৰ জগতখনৰ লগত আনুষ্ঠানিকভাৱে পৰিচয় কৰাই দিব লাগে।
- শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ পথ মুকলি কৰি তুলিব লাগে।
- প্ৰকৃতি জগতৰ গোপন ৰহস্যৰ প্ৰতি শিশু-মনত প্ৰয়োজনীয় কৌতূহল জগাই তুলিব লাগে।
- মাতৃভাষাৰ কথিত আৰু লিখিত প্ৰয়োগৰ ক্ষমতা আৰু আগ্ৰহ শিশুৰ মনত জগাই তুলিব লাগে।
- নৈতিক আৰু সৌন্দৰ্যবোধক চেতনা শিশুৰ মনত গঢ়ি তুলিব লাগে।
- পৰৱৰ্তী কালৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ উপযোগী কৰি তুলিব লাগে।
- শিশুৰ দেহ-মানসিক স্বাস্থ্য ৰক্ষাৰ প্ৰাথমিক জ্ঞান দিব লাগে।
অধ্যয়নৰ বিষয়সূচী আৰু কাৰ্যসূচীঃ
প্ৰাথমিক শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষা। এই পৰ্যায়ৰ পাঠ্যক্ৰমে শিশুৰ মনত মানসিক আৰু বৌদ্ধিক বিকাশৰ দুৱাৰ মুকলি কৰিব লাগে। জ্ঞান অভিজ্ঞতাৰ মূল উপাদানবোৰ অধ্যয়নৰ অন্তৰ্ভুক্ত কৰিলেও ইয়াক তত্ত্বপ্ৰধান আৰু চিন্তাপ্ৰধান নকৰি ব্যৱহাৰিক আৰু ক্ৰিয়াত্মক বিধৰহে কৰি তুলিব লাগে। এনেবোৰ কথাৰ বিবেচনাৰে নিম্ন উল্লেখিত পাঠ্যসূচী আৰু অধ্যয়নৰ উপাদান অন্তৰ্ভুক্ত কৰিব লাগে।
- শিশুক কথিত, পঠিত আৰু লিখিত ভাষাজ্ঞান দিবৰ বাবে পাঠ্যক্ৰমত ব্যৱস্থা কৰিব লাগে।
- সংখ্যাৰ জ্ঞান-ধাৰণা বৃদ্ধি কৰি তুলিবৰ বাবে পাঠ্যক্ৰমত বস্তুৰ সংখ্যা, পৰিমাণ, ওজন, দৈৰ্ঘ্য, প্ৰস্থ আদিৰ গাণিতিক প্ৰয়োগৰ ধাৰণা দিব লাগে।
- মানৱীয় বিষয়সমূহ যেনে- বুৰঞ্জী, ভূগোল, জীৱনী পাঠ, সাধুকথা, ৰূপকথা আদি শিশুৰ উপযোগী কৰি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে।
- শিশু মনক প্ৰকৃতি জগতৰ প্ৰতি আগ্ৰহী আৰু কৌতূহলী কৰি তুলিবৰ বাবে জীৱ-জন্তু, গছ-গছনি, নদ-নদী আদিৰ প্ৰকৃতি অধ্যয়নমূলক বিষয় অন্তৰ্ভুক্ত কৰিব লাগে।
- শিশুৰ কল্পনা-বিলাসী মন গঠনাত্মক আৰু সুৰুচিপূৰ্ণ কৰি তুলিবৰ বাবে সংগীত, নৃত্য-নাটিকা, আবৃত্তি আদি শিক্ষাৰ অন্তৰ্ভুক্ত কৰিব লাগে।
- শিশু-মনৰ ধাৰণা বিকাশৰ বাবে চিত্ৰাংকন আৰু ৰঙীণ চিত্ৰ অংকনৰ শিক্ষা দিব লাগে।
- হাত দুখনৰ সৃজনক্ষমতা গঠনাত্মক দিশত বিকশাই তুলিবৰ বাবে মাটিৰ কাম, কাগজৰ কাম আদি কাৰ্যসূচী শিক্ষাৰ অন্তৰ্ভুক্ত কৰিব লাগে।
- শিশুৰ প্ৰাথমিক স্বাস্থ্য ৰক্ষাৰ বাবে চাফ-চিকুণতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিৰ মৌলিক জ্ঞান দিব লাগে।
- দলীয় মনোভাৱ শক্তিশালী কৰি তুলিবৰ বাবে দলগত খেলা-ধূলা আৰু অন্যান্য কাৰ্যসূচীত উৎসাহ প্ৰদান কৰিব লাগে।
(আগলৈ...)
No comments