Notes for Assam TET-07 Sub: CDP
শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান
(Child
Development & Pedagogy)
খণ্ডঃ ৭
শিক্ষাদান পদ্ধতিঃ
শিশু-প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু তাৰ জ্ঞান আৰু বোধশক্তিৰ সীমাবদ্ধতালৈ চাই এই স্তৰৰ শিক্ষাদানৰ বাবে তলত দিয়া কথাকেইটা বিবেচনাযোগ্য।
- শিক্ষাদান পদ্ধতিত ক্ৰিয়াৰ যোগেদি শিক্ষাৰ নীতি গ্ৰহণ কৰিব লাগে।
- খেলাৰ মনোভাৱেৰে আৰু খেলাৰ মাধ্যমেৰে শিক্ষাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
- শিশুৰ মনোযোগ অ-নৈচ্ছিক আৰু অ-নিয়ন্ত্ৰিত বিধৰ হোৱালৈ চাই শিক্ষাৰ দৃশ্য-শ্ৰাব্য সঁজুলিবোৰ শিক্ষাদানৰ বাবে প্ৰয়োগ কৰিব লাগে।
- শিশুৰ শিক্ষা আহৰণৰ দিশত ব্যক্তিগত ক্ষমতা আৰু শিক্ষা অগ্ৰগতিৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।
- ক্ৰিয়া সম্পাদনৰ যোগে শিশুৱে সমস্যা সমাধান কৰা শিক্ষা পৰিস্থিতি শিক্ষকে সৃষ্টি কৰি তুলিব লাগে।
- শিক্ষাদান কালত শিক্ষকে বিষয়-বস্তু সহজৰ পৰা কঠিনলৈ, জ্ঞাতৰ পৰা অজ্ঞাতলৈ আৰু মূৰ্তৰ পৰা বিমূৰ্ত অৱস্থালৈ গতি কৰিব লাগে।
প্ৰাক্-প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা পৰ্যায়ৰ তুলনাঃ
শৈশৱৰ প্ৰাক্-প্ৰাথমিক আৰু বাল্যকালৰ প্ৰাথমিক শিক্ষাক দুটা পৰ্যায় স্বৰূপে বিচাৰ কৰি শিক্ষাৰ উদ্দেশ্য, শিক্ষাৰ সংগঠন আৰু পৰিচালনাৰ দিশত থকা সাদৃশ্য-বৈসাদৃশ্যবোৰ তলত দাঙি ধৰা হৈছে।
সাদৃশ্য-
- শিশুৰ স্বাধীনতা আৰু স্বত:সফূৰ্ততা দুয়ো পৰ্যায়ৰ বাবে শিক্ষা-নীতি স্বৰূপে গ্ৰহণ কৰা হয়।
- ক্ৰিয়াৰ যোগেদি শিক্ষাৰ নীতি দুয়ো পৰ্যায়তে গ্ৰহণ কৰা হয়।
- শিশুৰ সজ অভ্যাস গঠন আৰু সামাজিক আচৰণ গঢ় দি তোলাটো দুয়ো পৰ্যায়ৰ শিক্ষাৰে উদ্দেশ্য স্বৰূপে গ্ৰহণ কৰা হয়।
- দুয়ো পৰ্যায়তে সমাজৰ প্ৰয়োজনতকৈ শিশুৰ প্ৰকৃতি আৰু প্ৰয়োজনৰ প্ৰতিহে অধিক দৃষ্টি ৰখা হয়।
- দুয়ো পৰ্যায়তে কলা-সংগীত, হাতৰ কাম, ভাষা অধ্যয়ন, স্বাস্থ্য ৰক্ষা আৰু নৈতিক শিক্ষা আদিৰ বিষয় শিশুক শিকাব লাগে।
- খেলা-নীতি দুয়ো পৰ্যায়ৰ শিক্ষাতে গ্ৰহণ কৰা হয়।
বৈসাদৃশ্যঃ
প্ৰাক্-প্ৰাথমিক শিক্ষা |
প্ৰাথমিক শিক্ষা |
শিক্ষা দানত আনুষ্ঠানিকতা নাথাকে। |
আনুষ্ঠানিক নীতি-নিয়মেৰে শিক্ষা দিয়া হয়। |
অনুশাসন ব্যৱস্থা হৈছে স্বত:সফূৰ্ত বিধৰ। |
অনুশাসন ব্যৱস্থা কিছু পৰিমাণে নিয়ন্ত্ৰিত। |
পাঠ্যক্ৰমত পূৰ্ব নিৰ্ধাৰিত বিষয়সূচী নাথাকে। |
পাঠ্যক্ৰমত পূৰ্ব নিৰ্ধাৰিত বিষয়সূচী থাকে। |
লিখা-পঢ়াৰ ওপৰত প্ৰাধান্য দিয়া নহয়। |
লিখা-পঢ়াৰ ওপৰত প্ৰাধান্য দিয়া হয়। |
শিক্ষা ঐচ্ছিক বিধৰ কৰি তোলা হয়। |
শিক্ষা বাধ্যতামূলক কৰি তোলা হয়। |
এই শিক্ষাই সাক্ষৰতা দান নকৰে। |
এই শিক্ষাই সাক্ষৰতা দান কৰে। |
শিক্ষা অতি ব্যয়বহুল। |
শিক্ষা ব্যয়বহুল নহয়। |
শিক্ষা বিনামূলীয়া কৰি তোলা নহয়। |
শিক্ষা বিনামূলীয়া কৰি তোলা হয়। |
শিক্ষা শিশুৰ লালন-পালনমূলক। |
শিক্ষা শিশুৰ অনুশাসনমূলক। |
শিক্ষকৰ ভূমিকা হৈছে পৰোক্ষ বিধৰ। |
শিক্ষকৰ ভূমিকা হৈছে প্ৰত্যক্ষ বিধৰ। |
(আগলৈ...)
No comments