Breaking News

Notes for Assam TET-08 Sub: CDP

শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান
(Child Development & Pedagogy)

খণ্ডঃ ৮


কৈশোৰ কালঃ

কৈশোৰশব্দটোৰ ইংৰাজী শব্দ ‘adolescence’ উৎপত্তি ‘adolescer’ শব্দৰ পৰা হৈ উঠিছে। ইয়াৰ অৰ্থ হৈছে ‘to grow’ বাবৰ্ধনহোৱা। এই কালছোৱা হৈছে ব্যক্তিৰ দ্ৰুত দৈহিক বৃদ্ধিৰ সময়। কৈশোৰ কালৰ পৰিৱৰ্তন সম্বন্ধে সমাজৰ লোকে ইতিবাচক আৰু নেতিবাচক মন্তব্য প্ৰকাশ কৰে। কোৱা হয় যে কৈশোৰ কাল হৈছে ধুমুহা আৰু পীড়নৰ সময়। পুনৰ কোৱা হয় যে হৈছে ব্যক্তিৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিকাশৰ সময়। কৈশোৰ কালৰ দেহ-মানসিক প্ৰয়োজনবোৰ আশানুৰূপভাৱে পূৰণ কৰা লে সমস্যা স্বৰূপ হৈ নুঠে। এই সমূহ পূৰণত ব্যৰ্থ লে প্ৰতিকূল পৰিস্থিতিৰে সমস্যা স্বৰূপ হৈ উঠে। কৈশোৰ কালৰ স্বৰূপ তলৰ কথাকেইটাত ফুটি উঠে।

  • কৈশোৰ কালৰ সময় সীমা ১২ৰ পৰা ১৮-১৯ বছৰ বয়সলৈকে ধৰিব পাৰি।
  • ইয়াক শৈশৱৰ পুনৰাবৃত্তি কাল বুলি কোৱা হয়।
  • জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াৰে এই সময়ত ৰা-ছোৱালীৰ দ্ৰুত দৈহিক পৰিৱৰ্তন সাধিত হয়।
  • এই সময়ত ৰা-ছোৱালীয়ে প্ৰজননিক ক্ষমতা লাভ কৰি উঠে।
  • এই পৰিস্থিতিয়ে দৈহিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আৰু আধ্যাত্মিক আদি বিকাশৰ সকলো দিশত দৰ্শনীয় পৰিৱৰ্তন আনে।
  • যৌৱনৰ প্লাৱনে জীৱন উপত্যকাৰ সকলো দিশ প্লাৱিত কৰি সাৰুৱা আৰু সৃষ্টিশীল কৰি তোলে।
  • ৰা-ছোৱালীয়ে এই সময়ত তেওঁলোকৰ ভাৱ-চিন্তা আৰু ক্ৰিয়া-আচৰণত ক্ৰমে পৌৰুষত্ব আৰু নাৰীত্বপ্ৰাপ্ত হয়।

 কৈশোৰ কালৰ প্ৰধান বৈশিষ্ট্যসমূহঃ

কিশোৰ-কিশোৰীসকলৰ শিক্ষা-বিকাশৰ প্ৰসংগত বিশেষ দৃষ্টিদান কৰিবলগা দেহ-মানসিক বৈশিষ্ট্যবোৰ নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰি।

  • দৈহিক বিকাশৰ দ্ৰুততা- যৌন গ্ৰন্থিৰ সক্ৰিয়তাই জৈৱ-ৰাসায়নিক সাধন কৰি ৰা-ছোৱালীৰ দ্ৰুত আৰু ভিন্নমুখী দৈহিক বিকাশ সাধন কৰে।
  • মানসিক বিকাশৰ পৈণতা- মানসিক বিকাশ পৈণতাৰ পথত অগ্ৰসৰ হৈ উঠি চিন্তা, যুক্তি, বিচাৰশক্তি, সৃজনাত্মক কল্পনা, সমস্যা সমাধান ক্ষমতা আৰু বৌদ্ধিক যোগ্যতা সৰ্বোচ্চ পৰ্যায়লৈ উঠে।
  • আৱেগিক অপৈণতা- যুৱক-যুৱতীৰ মনত সুখ-দুখৰ আৱেগ-অনুভূতিৰ পূৰ্ণ-পয়োভৰ হয় যদিও তাৰ পৈণতা লাভ কৰি উঠিব নোৱাৰে।
  • সামাজিক সচেতনতা- তেওঁলোকে সমাজ সচেতনতা লাভ কৰি উঠি সমাজৰ সকলো সমস্যা আৰু পৰিস্থিতিৰ প্ৰতি সংবেদনশীল আৰু প্ৰতিক্ৰিয়াশীল হৈ উঠে।
  • নৈতিক চেতনাবোধ- যুৱক-যুৱতীসকলৰ মনত সত্য-অসত্য, ন্যায়-অন্যায়, পাপ-পুণ্য আৰু উচিত-অনুচিতৰ নৈতিক চেতনাই তেওঁলোকৰ ভাৱ-অনুভূতি আৰু আচৰণ নীতিনিষ্ঠ কৰি তোলে।
  • বিপৰীত লিংগকামিতা- কৈশোৰৰ যৌন-তাড়নাই ৰা-ছোৱালীৰ মনত বিপৰীত লিংগকামিতাৰ ভাব আনি দিয়ে।
  • সৃষ্টিশীল কল্পনা- কিশোৰ-কিশোৰীয়ে তেওঁলোকৰ মনৰ কল্পনা শক্তিক কলা আৰু বিজ্ঞানৰ দিশত সৃষ্টিশীল ৰূপদান কৰিব পাৰে।
  • বীৰ-পূজা প্ৰৱণতা- নিজ জীৱনৰ আদৰ্শ বা জীৱন-দৰ্শন স্থিৰ কৰি তুলিবৰ বাবে তেওঁলোকে বীৰ পূজা প্ৰৱণতা বা নায়ক আৰাধনা প্ৰবৃত্তি অনুভৱ কৰে।
  • দু:সাহসিকতা- কৈশোৰ কালত দেহ-মানসিক শক্তিৰ প্ৰাচুৰ্যই অসম্ভৱক সম্ভৱ কৰি তোলাৰ এক দু:সাহসিক প্ৰৱণতা ৰা-ছোৱালীয়ে অনুভৱ কৰি উঠে।
  • আত্ম-নিৰ্ভৰশীলতা শৈশৱ আৰু বাল্যকালত দেখা দিয়া পৰ নিৰ্ভৰশীলতাৰ ভাৱ আঁতৰি গৈ কৈশোৰ কালত আত্ম-নিৰ্ভৰশীলতা আৰু স্বয়ং সম্পূৰ্ণতাৰ ভাব আৰু আচৰণ পৰিলক্ষিত হয়।

 

পিয়াজেৰ বিকাশ তত্ত্বৰ চাৰিটা অৱস্থা

পিয়াজেৰ মতে চিন্তনৰ বিকাশ উপাদানৰ সংঘটিত প্ৰক্ৰিয়া, তাৰ সংজ্ঞা অনুযায়ী এই বিলাক চাৰিটা মূল অৱস্থাৰ অন্তৰ্ভুক্ত:

)ইন্দ্ৰিয় অঙ্গ সঞ্চালনমূলক বিকাশ(জন্মৰ পৰা বছৰ)
)প্ৰাক বোধমূলক বিকাশ( বছৰৰ পৰা বছৰ)
)মূৰ্ত ক্ৰিয়া সম্পাদন( বছৰৰ পৰা ১২ বছৰ)
)বিধিগত ক্ৰিয়া সম্পাদন(১২ বছৰৰ ওপৰৰ)

 

 
 
পৰৱৰ্তী খণ্ডৰ বাবে ইয়াতে ক্লিক কৰক
(Click here for Next Part) 

তথ্য আৰু গ্ৰাফিকচঃ ইণ্টাৰনেট
(আগলৈ...)
 

 

No comments