Notes for Assam TET-09 Sub: CDP
শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান
(Child
Development & Pedagogy)
খণ্ডঃ৯
ব্যক্তি বিভিন্নতাঃ
ব্যক্তি বিভিন্নতা হৈছে, পৃথিৱীত বসবাস কৰা প্ৰতিজন ব্যক্তিয়েই এজন আনজনৰ পৰা পৃথক। এই বিভিন্নতা আমি সকলো দিশতে দেখা পাওঁ। যেনে- শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আদি ক্ষেত্ৰত ব্যক্তি বিশেষে পাৰ্থক্য পৰিলক্ষিত হয়। সেয়ে শিক্ষাৰ মূল লক্ষ্য হৈছে শিশুৰ অন্তৰ্নিহিত শক্তিসমূহৰ বিকাশ সাধন কৰা। সেয়েহে ব্যক্তিক নিজ নিজ মনো-দৈহিক ক্ষমতা আৰু অৱস্থাৰ বুজ লোৱা আৰু সেই অনুপাতে শিক্ষাৰ ব্যৱস্থা কৰাৰ ওপৰত মনোবিজ্ঞানীসকলে বৰ্তমান গুৰুত্ব আৰোপ কৰা দেখা যায়।
ইয়াৰ হ্বাবে ব্যক্তি স্বাধীনতা প্ৰদান কৰাটো অতি প্ৰয়োজনীয় কথা। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যই বিশেষভাৱে ব্যক্তি বিভিন্নতাৰ ওপৰত গুৰুত্ব দিছে। ব্যক্তি বিভিন্নতাৰ কাৰণ বংশগত আৰু পৰিবেশজনিত দুয়োটাই হ’ব পাৰে।
মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা ব্যক্তি বিভিন্নতাৰ যথেষ্ট গুৰুত্ব আছে। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, অভিৰুচি তথা যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে শিক্ষা প্ৰদান কৰা উচিত। তেতিয়াহে ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্নিহিত শক্তিৰ বিকাশ সাধন সম্ভৱ হয়। সেয়েহে প্ৰত্যেকজন শিক্ষকৰে ব্যক্তি বিভিন্নতাৰ ধাৰণা স্পষ্ট হ’ব লাগে। ইয়াৰ বাবে শিক্ষকসকলে নিজৰ শিক্ষণ পদ্ধতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, অভিৰুচিৰ ওপৰত লক্ষ্য ৰাখি ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰিও পাঠ্যক্ৰম গতিশীল হোৱা উচিত। ইয়াত বিভাজিত পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিলে যথেষ্ট সুবিধা হয়।
আগ্ৰহঃ
‘আগ্ৰহ’ৰ অৰ্থই কোনো বিষয়ৰ লগত ব্যক্তি ‘জড়িত থকা’ বা ‘সম্বন্ধ থকা’ কথাকে বুজায়। গতিকে যি বস্তু বা বিষয়ে ব্যক্তিমনৰ লগত একাত্মিক সম্বন্ধ গঢ়ি তোলে, সিয়েই তেওঁৰ বাবে আগ্ৰহৰ বিষয় হৈ উঠে। আনহাতে যি ব্যক্তিৰ মন স্পৰ্শ কৰিব নোৱাৰে, তেনে বস্তু বা বিষয়েই হয় অগ্ৰহবিহীন। গতিকে ইয়াৰ পৰা ক’ব পাৰি যে আগ্ৰ্হ হৈছে মনৰ এক অন্তৰ্নিহিত অৱস্থা। ব্যক্তিমনৰ এই অন্তৰ্নিহিত আগ্ৰহৰ কেতবোৰ উৎস জন্মলব্ধভাৱে পোৱা হয়। প্ৰবৃত্তি, আবেগ, অনুভূতি, কামনা, প্ৰেৰণা আদি সহজাত জৈৱিক প্ৰৱণতাসমূহ এই প্ৰসংগত উল্লেখযোগ্য। এই মানসিক অৱস্থাবোৰেই মানুহৰ মনত আগ্ৰহৰ জন্ম দিয়ে।
অভ্যাসঃ
পুনৰাবৃত্তিৰ ফলত যিকোনো কামৰ সম্পাদন ঐচ্ছিক পৰ্যায়ৰ পৰা নিশ্চেষ্ট পৰ্য্যায়লৈ পৰিণত কৰাকেই অভ্যাস গঠন বুলি কোৱা হয়। স্বাভাৱিকতে, অভ্যাস হৈছে অনুশীলনৰ ফল। প্ৰথমে যি কাম কৰিবৰ বাবে বিশেষ যত্নৰ প্ৰয়োজন হয়, অভ্যাস গঠন হোৱাৰ পাছত সেই কাম বিনা আয়াসতে যান্ত্ৰিকভাৱে কৰিব পৰা হয়।
বৈশিষ্ট্যঃ
ক)অভ্যাসত পৰিণত হ’লে যি কোনো কামৰ সম্পাদন নিখুত হয়।
খ)অভ্যাসত পৰিণত হোৱা যিকোনো কামৰ সম্পাদনাত চিন্তাশক্তি, মনোযোগ, ইচ্ছাশক্তি আদি উচ্চ মানসিক প্ৰক্ৰিয়াসমূহৰ প্ৰয়োগ প্ৰায় নোহোৱা হয়গৈ।
গ)অভ্যাসত পৰিণত হোৱা কাম কৰোঁতে দৈহিক শক্তিৰ ব্যৱহাৰ নিম্নতম পৰিমাণত হয়।
ঘ)যিকোনো কাৰ্য অভ্যাসত পৰিণত হ’লে তাক সহজে পৰিত্যাগ কৰা টান।
ঙ)অভ্যাসে মানুহৰ বুদ্ধি বৃত্তি, যুক্তি ক্ষমতা, কল্পনা শক্তি, সৃজনী শক্তি, চিন্তাশক্তি আদি বিকাশ হোৱাত সহায় নকৰে।
প্ৰৱণতাঃ
বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণেৰে প্ৰৱণতাৰ অৰ্থ দাঙি ধৰিছে। কিছুমানৰ মতে প্ৰৱণতা হৈছে এবিধ জন্মগত সামৰ্থ্য আৰু আন কিছুমানৰ মতে প্ৰৱণতা হ’ল শিকাৰ সুথিলতা। এই বিলাক সাঙুৰি প্ৰৱণতাৰ সংজ্ঞা এইদৰে দিব পাৰি- “কোনো কাৰ্য্য বা বিষয় বা বৃত্তি আয়ত্ত্ব কৰিবৰ বাবে থকা প্ৰৱল স্বাভাৱিক ক্ষমতাকে প্ৰৱণতা বোলে”।
শিক্ষাৰ্থীয়ে জীৱনত উপযুক্ত পাঠ্যক্ৰম বাছি লওঁতে বা সেইদৰে কৰ্মজীৱনত জীৱিকাৰ পথ বাছি ল’লে পাছত অসুখী আৰু অকৃতকাৰ্য্য হোৱাৰ সম্ভৱনাই সৰহ। বিভিন্ন ধৰণৰ কামৰ বাবে বিভিন্ন ক্ষমতাৰ প্ৰয়োজন। মটৰ গাড়ী মেৰামতি কৰা মিস্ত্ৰী এজন যান্ত্ৰিক সামৰ্থ্য থকা প্ৰয়োজন। তেওঁৰ কাৰণে বাক শক্তিৰ বিশেষ প্ৰয়োজন নাই। আনহাতে, উকীল এজনৰ কাৰণে প্ৰখৰ বাক শক্তিৰ প্ৰয়োজন, যান্ত্ৰিক সামৰ্থ্যই তেওঁৰ বৃত্তিত বিশেষ সহায়তা নকৰে। সেইদৰে হিচাপ পত্ৰ ৰখা এজন কৰ্মচাৰী সংখ্যাৰ লেনদেনৰ ক্ষেত্ৰত পাকৈত হোৱা প্ৰয়োজন। সেয়েহে সকলো ব্যক্তিৰে প্ৰৱণতা পৰিমাপ কৰা প্ৰয়োজন। মনোবিদসকলে উপযুক্তভাৱে প্ৰৱণতা জুখিব পৰা অভীক্ষা তৈয়াৰ কৰিবৰ বাবে বিভিন্ন কামৰ প্ৰয়োজনীয় ক্ষমতা খুটি নাটি মাৰি বিশ্লেষণ কৰি বুজিবলৈ চেষ্টা কৰে। ইয়াকে বৃত্তি বিশ্লেষণ বোলে। শিক্ষাৰ ক্ষেত্ৰত প্ৰৱণতাৰ ভূমিকা গুৰুত্বপূৰ্ণ। ছাত্ৰ-ছাত্ৰীৰ সহজাত আৰু আৰ্জিত প্ৰৱণতাৰ ওপৰত তেওঁলোকৰ ভৱিষ্যতৰ কৃতকাৰ্য্যতা বহু পৰিমাণে নিৰ্ভৰ কৰে। গতিকে প্ৰৱণতাৰ পৰিমাপন বিদ্যালয়ৰ কাৰণে এক অতি প্ৰয়োজনীয় দায়িত্ব।
বুদ্ধিঃ
বুদ্ধি হৈছে ব্যক্তিৰ সহজাত এক বিশিষ্ট গুণ বা ক্ষমতা যাৰ যোগেদি পৰিবেশৰ পৰা অভিজ্ঞতা আহৰণ কৰিব আৰু তাৰ উপযুক্ত প্ৰয়োগ কৰিব পাৰি। ই এনে এবিধ বহল পৰিসৰৰ সাধাৰণ গুণ যি এজন লোকৰ দেহ মানসিক গাঁথনি শক্তিশালী আৰু কৰ্মক্ষম কৰি তোলে, ব্যক্তিগত ক্ষমতা বা যোগ্যতা এক বিশিষ্ট ৰূপত গঢ় দি তোলে। ই ব্যক্তি পাৰ্থক্যৰ মূল কাৰণ বা উৎসস্বৰূপ। এই গুণ আপেক্ষিকভাৱে স্থায়ী আৰু ই ব্যক্তিৰ সকলোবোৰ দেহ-মানসিক ক্ৰিয়া আচৰণ নিৰ্ধাৰণ, নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। সেইবাবে ব্যক্তিয়ে কৰা আচৰণত বুদ্ধি প্ৰতিফলিত হৈ উঠে।
বুদ্ধিৰ বৈশিষ্ট্যঃ
ক)বুদ্ধি হৈছে ব্যক্তিৰ এক জন্মগত বা বংশগত স্বাভাৱিক ক্ষমতা যি সচৰাচৰ স্থায়ীভাৱে লাভ কৰা হয়।
খ)ব্যক্তিৰ ক্ৰিয়া-আচৰণ, সমস্যা সমাধান আৰু পৰিবেশত কৰা সমাযোজন, কাৰ্য্যৰ যোগে বুদ্ধিৰ প্ৰকাশ লাভ হয়
গ)ব্যক্তিৰ শিক্ষণ ক্ষমতা, যোগ্যতা অথবা শিক্ষাৰ সম্ভাৱনীয়তা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল।
ঘ)শিক্ষা বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল হ’লেও বুদ্ধি শিক্ষাৰ ওপৰত নিৰ্ভৰশীল নহয়।
ঙ)ব্যক্তিৰ বিমূৰ্ত চিন্তন ক্ষমতা বুদ্ধিৰ পৰিচায়ক।
বুদ্ধিৰ বিভিন্ন তত্ত্ব সমূহ হ’লঃ
ক)একক বা ৰাজতন্ত্ৰবাদী তত্ত্ব
খ)দ্বি-কাৰক বা সাৰগ্ৰাহী তত্ত্ব
গ)সমূহ কাৰক বা অল্প সংখ্যক ৰাজতন্ত্ৰবাদী তত্ত্ব
ঘ)বহুকাৰক বা অৰাজক তত্ত্ব।
ঙ)পদানুক্ৰম তত্ত্ব
(আগলৈ...)
No comments