Breaking News

Notes for Assam TET-10 Sub: CDP

শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান
(Child Development & Pedagogy)

খণ্ডঃ১০


ব্যক্তিত্ব
ব্যক্তিত্ব ইংৰাজী প্ৰতিশব্ধ ‘Personality’ লেটিন ভাষাৰ ‘Persona’ নামৰ শব্দৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছেভাৱৰীয়াৰ মুখা ৰোমানসকলে নাটকৰ চৰিত্ৰত ভাও দিওঁতে কেতবোৰ মুখ্য ব্যৱহাৰ কৰিছিল। সেইবাবে নাটকৰ ভাৱৰীয়াসকলে মুখাৰ সহায়েৰে বচন উচ্চাৰণ কৰা কাৰ্যকে ‘Personare’ আৰু ‘Persona’ বুলি কোৱা হৈছিল। ইয়াৰ ক্ৰমাগত প্ৰয়োগৰ ফলস্বৰূপে ভাৱৰীয়াজনৰ চৰিত্ৰ প্ৰকাশ কৰিবলৈ ‘Persona’ শব্দৰ ব্যৱহাৰ হয়। অৱশেষত নাটকৰ পৰিৱৰ্তে ব্যক্তিৰ বাস্তৱ জীৱনত দেখা পোৱা আচৰণ সমূহৰ বৈশিষ্ট্যকেই ব্যক্তিত্ব বোলে।

মনোবিজ্ঞানী আলপৰ্টৰ মতেসামাজিক উদ্দীপন সমূহৰ প্ৰতি ব্যক্তিৰ প্ৰতিক্ৰিয়া আৰু পৰিৱেশৰ সামাজিক গাঁথনিৰ প্ৰতি তেওঁ কৰা উপযোজনৰ মান বা গুণেই হৈছে ব্যক্তিত্ব।“ কিম্বল য়ঙে মত প্ৰকাশ কৰে যে ব্যক্তিত্ব হৈছে ব্যক্তিৰ কেতবোৰ সংগঠিত ভাব, মনোবৃত্তি, সংলক্ষণ, মূল্যবোধ আৰু অভ্যাস, যাক তেওঁ আনৰ লগত তথা নিজৰ লগতো আদান-প্ৰদানত এক ভূমিকা আৰু সংস্থিতি স্বৰূপে গঢ় দি তোলে।

ব্যক্তিত্বৰ বৈশিষ্ট্য
)ব্যক্তিয়ে নিজকে পৰিবেশৰ লগত কৰা সমাযোজনত ব্যক্তিত্বৰ প্ৰকাশ পায়।
)সমাজৰ মাধ্যমেৰে ব্যক্তিৰ ব্যক্তিত্বই প্ৰকাশ লাভ কৰে।
)ব্যক্তিৰ দৈহিক আৰু মানসিক ক্ৰিয়াকলাপৰ সংযোগত ব্যক্তিত্বই প্ৰকাশ পায়।গ
ঘ)সমাজ বা জাতি একোটাৰ নিজস্ব বৈশিষ্ট্যৰ দ্বাৰাও ব্যক্তিৰ ব্যক্তিত্ব প্ৰভাৱিত হয়। সমাজৰ ধৰ্মীয় পৰিবেশ, কলা-কৃষ্টি, সভ্যতা, ৰীতি-নীতি আদিয়ে এজন লোকৰ ব্যক্তিত্ব এক বিশেষ ৰূপত গঢ় দি তোলে।
)ব্যক্তিত্ব হৈছে এজন লোকৰ সমগ্ৰ দেহ আৰু মনৰ ঐক্য, সামঞ্জস্য আৰু সুসংগঠনৰ প্ৰতীক।

ব্যক্তিত্বৰ প্ৰধান তত্ত্ব সমূহ
)শ্ৰেণীকৰণ তত্ত্ব,
)সংলক্ষণ তত্ত্ব,
)গেছেলৰ বৰ্ণনামূলক তত্ত্ব,
)ফ্ৰয়েডৰ তত্ত্ব,
)মাৰেৰ তত্ত্ব

ব্যক্তিত্বৰ উপাদান
ব্যক্তিত্ব গঢ়ি তোলাত বৰঙণি যোগোৱা শক্তিসমূহক ব্যক্তিত্বৰ উপাদান বুলি কোৱা হয়। এইবোৰ চমুকৈ তলত উল্লেখ কৰা লঃ

)দৈহিক উপাদান এজন ব্যক্তিৰ দৈহিক আকাৰ-আকৃতি আৰু বল-শক্তি আদি ব্যক্তিত্বৰ উপাদানস্বৰূপে অতিসহজেই আনৰ চকুত পৰে। এই উপাদানবোৰ হৈছে দৈহিক গঠন, স্বাস্থ্য, ৰূপ, বাক ক্ষমতা, পৰিপাটিতা আদি। ইয়াৰ উপৰিও ব্যক্তিৰ স্নায়ৱিক দ্ৰুততা, গতিশক্তি, অংগ সঞ্চালন ক্ষমতা আৰু ক্ৰিয়া পদ্ধতি আদি ব্যক্তিত্ব গঠনৰ দৈহিক উপাদান স্বৰূপে বিবেচনা কৰা হয়।

)মানসিক উপাদান ব্যক্তিত্বৰ মানসিক উপাদানবোৰৰ ভিতৰত বিভিন্ন মানসিক শক্তি যেনে- বুদ্ধি, চিন্তা, যুক্তি, বিচাৰ-ক্ষমতা, স্মৃতি, মনোযোগ, আগ্ৰহ আদি উল্লেখযোগ্য। ইয়াৰ উপৰিও বৌদ্ধিক উপাদানস্বৰূপে ব্যক্তিৰ উদ্ভাৱন ক্ষমতা, সমস্যা সমাধানৰ ক্ষমতা, সুস্থ সমাযোজন ক্ষমতা আদিয়ে ব্যক্তিত্বৰ গঢ় দি তোলে।

)আবেগিক উপাদান বিভিন্ন পৰিস্থিতিত ব্যক্তিয়ে অনুভৱ কৰা সুখ-দুখ, ক্ৰোধ, ভয়, হিংসা, ঈৰ্ষা, প্ৰেম, আনন্দ, আদিৰ মাজেদিয়ে ব্যক্তিত্বই আত্মপ্ৰকাশ কৰে।

)সামাজিক উপাদান এজন লোকৰ ব্যক্তিত্ব তেওঁৰ সামাজিক গুণসমূহৰ পৰা সচৰাচৰ মূল্যায়ন কৰা হয়। গৃহ, শিক্ষানুষ্ঠান, সামাজিক অনুষ্ঠান, ভাষা, কৃষ্টি-সভ্যতা, ধৰ্ম আৰু সামাজিক ৰীতি নীতি আদিয়ে ব্যক্তিৰ সামাজিক জীৱন গঢ় দি তোলে। এইবোৰ ব্যক্তিত্বৰ সামাজিক উপাদানৰ অন্তৰ্ভুক্ত।

 

তথ্য আৰু গ্ৰাফিকচঃ ইণ্টাৰনেট
(আগলৈ...)

 

 

No comments