Notes for Assam TET-11 Sub: CDP
শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান
(Child Development & Pedagogy)
খণ্ডঃ১১
শিশুৰ কিছুমান বিশেষ সমস্যা জড়িত আচৰণ
শিশুৰ আচৰণজনিত সমস্যাসমূহ স্বাভাৱিকতেই দৈহিক প্ৰয়োজনমুখী। শিশুৰ দৈহিক সুস্থতা আৰু স্বাস্থ্য ৰক্ষাত ব্যাঘাত জন্মোৱা এই সমস্যাসমূহ তলত উল্লেখ কৰা
হ’ল-
ক)খোৱাৰ সমস্যাঃ
এই সমস্যা প্ৰায় সকলো শিশুৰ ক্ষেত্ৰতে দেখা যায়। শিশুৱে খাবলৈ নিবিচৰা কাৰ্য্ই মাতৃসকলক চিন্তিত কৰি তোলে। উল্লেখযোগ্য যে প্ৰতিটো শিশুৰ বাবে নতুন খাদ্যৰ জুতি সহজভাৱে গ্ৰহণ কৰাত সময় লাগে; ইয়াৰ
বাবে অভ্যাসৰ প্ৰয়োজন হয়। সেয়েহে শিশুক বলপূৰ্বকভাৱে আহাৰ খুউৱাৰ পৰিৱৰ্তে এক সুস্থ পৰিবেশত খাদ্য খুউৱাৰ অভ্যাস কৰিব লাগে।
খ)
টোপনিৰ সমস্যা
কিছুমান শিশুৰ ক্ষেত্ৰত নিদ্ৰাৰ সমস্যাই দেখা দিয়ে। শিশুৰ নিদ্ৰা কম হ’লে দৈহিকভাৱে অসুস্থ হৈ উঠিব পাৰে। চৌপাশৰ পৰিবেশ অশান্ত বা উত্তেজনাজনক হৈ উঠিলেও শিশুৰ নিদ্ৰা হানি হ’ব পাৰে। সেইবাবে এনেবোৰ পৰিস্থিতি পৰিহাৰ কৰা উচিত।
গ)বিছনাত প্ৰস্ৰাৱ কৰাঃ
৪ বছৰৰ ওপৰৰ শিশুৱে বিছনাত নিদ্ৰিত অৱস্থাত প্ৰস্ৰাৱ কৰাটো এটা সমস্যা বুলি ধৰিব পাৰি। বিশেষজ্ঞসকলৰ মতে শিশুৰ এনে কাৰ্য্যৰ লগত দৈহিক আৰু মনোবৈজ্ঞানিক কাৰণ নিহিত হৈ থকাৰ কথা লক্ষ্য কৰা হয়। শিশুৰ নিদ্ৰা অৱস্থাত প্ৰস্ৰাৱ কৰা কাৰ্য্যৰ বাবে তাক অভিযুক্ত কৰিব নালাগে বৰং পৰিস্থিতি শান্ত আৰু স্বাভাৱিক কৰি তোলাৰ চেষ্টা চলাব লাগে।
ঘ)কদৰ্য্যতাৰ সৃষ্টি কৰাঃ
বিশেষকৈ দেখা যায় যে ২ বছৰৰ পৰা ৪ বছৰ বয়সৰ ভিতৰত কিছুমান শিশুৱে এটা সময়ত তাৰ ক্ৰিয়া আচৰণবোৰ কাৰ্য্যতাপূৰ্ণ স্বাভাৱিক নীতি-নিয়ম বিৰোধী কৰি তুলি তাৰ দ্বাৰা বয়সস্থসকলৰ মনত অস্বস্তি আৰু বিৰক্তিৰ ভাব সৃষ্টি যেনে কোনো বস্তু ভাঙি পেলোৱা, আনক প্ৰহাৰ কৰা, বস্তু-বাহিনি
খেলি-মেলি কৰা, ডাঙৰৰ কথা নুশুনি নকৰিবলগীয়া কাম কৰা আদি আচৰণ অন্তৰ্ভুক্ত কৰিব পাৰি। কিন্তু শিশুৰ সুস্থ বিকাশৰ বাবে এনে শিশুক শাস্তি দিয়াৰ পৰিৱৰ্তে তাৰ ক্ৰিয়া-কলাপ, আচৰণবোৰ পৰিপাটিকৈ আৰু সুন্দৰভাৱে কৰিবলৈ শিকাব লাগে।
বাল্যকালৰ আচৰণ জনিত সমস্যাঃ
বাল্যকালৰ সমস্যা জড়িত আচৰণবোৰ অধিক মানসিক জটিলতাপূৰ্ণ আৰু শিশুৰ জীৱনত দীৰ্ঘম্যাদী প্ৰভাৱযুক্ত হৈ উঠাটো লক্ষনীয়। বাল্যকালৰ কেতবোৰ উল্লেখযোগ্য আচৰণজনিত সমস্যা তলত উল্লেখ কৰা হ’ল-
ক)খং ভাব দেখুওৱা:
শিশুৰ সচৰাচৰ খং ভাব দেখুওৱা আচৰণ সমূহ হ’ল- অতিপাত চিঞৰা, বস্তু দলিওৱা, গুৰিওৱা, মাটিত বাগৰা আদি। এনে উগ্ৰ আৰু অনিয়ন্ত্ৰিত আচৰণবোৰ শিশুৱে আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অথবা আনৰ ওপৰত নিয়ন্ত্ৰণৰ ভাব প্ৰকাশ কৰিবলৈ প্ৰদৰ্শন কৰিব পাৰে। মাক-দেউতাক আৰু শিক্ষক সকলে শিশুৰ এনে খং ভাব প্ৰকাশৰ বেলিকা বিশেষ ভাৱে সাৱধান হ’ব লাগে। শিশুসকলে কৰা খঙৰ সমালোচনা কৰাৰ পৰা অভিভাৱকসকলে বিৰত থাকিব লাগে।
খ)আক্ৰমণাত্মক আচৰণঃ
কিছুমান শিশুৱে মনৰ ব্যৰ্থতা প্ৰকাশ কৰিবৰ বাবে আক্ৰমণাত্মক আচৰণ প্ৰদৰ্শন কৰে যেনে - প্ৰহাৰ কৰা, ধ্বংশ কৰা, দৈহিকভাবে যুঁজ কৰা, কামোৰা ইত্যাদি। এইধৰণৰ আচৰণৰ উপযুক্তভাবে সমাধান কৰিবলৈ বাবে শিশু-মনৰ নিৰাপত্তাহীনতা, অপৰ্য্যাপ্ততা আৰু অপৰাধ প্ৰৱণতাৰ মনোভাৱ গুচাবলৈ প্ৰয়াস কৰিব লাগে। শিশুক খং ভাব প্ৰকাশৰ প্ৰয়োজনীয় সুবিধা আৰু উপযুক্ত পৰিস্থিতি প্ৰদান কৰিব লাগে। ইয়াৰ উপৰিও শিশুৱে তাৰ মনৰ অবদমিত আবেগ অনুভূতিসমূহ প্ৰকাশৰ প্ৰয়োজনীয় পথ সৃষ্টি কৰিব লাগে। ইয়াৰ বাবে খেলা-ধূলা, হাতৰ কাম, বাগিছা পৰিচালনা কৰা, চিত্ৰত ৰঙৰ প্ৰয়োগ কৰা আদি কাৰ্য্যৰ সুবিধা প্ৰদান কৰিব লাগে।
গ)চুৰ কৰাঃ
কিছুমান শিশুৰ এটা পৰিচিত আচৰণ হৈছে চুৰ কৰা। এনে চৌৰ্য্যা প্ৰবৃত্তিত আইন ভংগকাৰী দোষনীয় প্ৰবৃত্তিৰ ভাব প্ৰথম অৱস্থাত শিশুৰ আচৰণত দেখা পোৱা নাযায়। ক্ৰমান্বয়ে তাৰ বয়স আৰু অভিজ্ঞতাৰ লগে লগে শিশুৱে ক্ৰমে গৰাকী বা বস্তুৰ মালিকী স্বত্বৰ প্ৰবৃত্তি অনুভৱ কৰিবলৈ ধৰে। ইয়াৰ ফলত সি নিজৰ আৰু আনৰ বস্তুৰ মাজত পাৰ্থক্য অনুভৱ কৰি উঠে। এনেধৰণৰ অভিজ্ঞতাৰ বাবেই আনৰ বস্তু নিজৰ কৰি সংগ্ৰহ কৰিবলৈ ধৰে। ইয়াৰ ফলত সি নিজৰ আৰু আনৰ বস্তুৰ মাজত পাৰ্থক্য অনুভৱ কৰি উঠে। এনে অভিজ্ঞতাৰ বাবেই আনৰ বস্তু নিজৰ কৰি সংগ্ৰহ কৰিবলৈ অসুস্থ প্ৰবৃত্তি জাগি উঠে; এয়াই হৈছে শিশুৰ চুৰ কৰাৰ মূল কাৰণ।
এনে সমস্যা দূৰ কৰিবৰ বাবে শিক্ষক-অভিভাৱক সকলে শিশুৰ মানসিক পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা কৰিব লাগে। শিশুৱে যাতে গৃহ আৰু শিক্ষা পৰিৱেশত আবেগিক নিৰাপত্তা আৰু পৰ্য্যাপ্ততা অনুভৱ কৰি উঠিব পাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব লাগে।
ঘ)বাক অস্বাভাৱিকতাঃ
শিশুৰ ভাষা বিকাশৰ সমস্যাৰ ভিতৰত বাক-অস্বাভাৱিকতা এটা প্ৰধান সমস্যা। শিশুৰ এই বাক-অস্বাভাৱিকতাৰ ভিতৰত বাক স্খলন আৰু বাক অক্ষমতা বিশেষভাৱে আমাৰ চকুত পৰে। বাক-স্খলনৰ বেলিকা শিশুৱে কেতবোৰ শব্দৰ প্ৰথম আখৰটো উচ্চাৰণ কৰিব নোৱাৰি তাক বাৰে বাৰে চেষ্টা কৰাৰ প্ৰৱণতা পৰিলক্ষিত হয়। যেনে- দ-দ-দ দমন, ক-ক-ক কলম ইত্যাদি। আনহাতে বাক অক্ষমতা হৈছে একো একোটা শব্দ সমূলি উচ্চাৰণ কৰিব নোৱাৰা অৱস্থা। এনে অৱস্থাত শিশুৰ আবেগৰ দুৰৱস্থাৰ সৃষ্টি হয়।
এনে সমস্যা আঁতৰাবৰ বাবে এক সুস্থ আবেগিক পৰিৱেশ সৃষ্টি কৰি তোলা প্ৰয়োজন। এনে পৰিৱেশত শিশুৱে নিৰাপত্তা, আত্ম-সন্মান আৰু স্বাধীনতা অনুভৱ কৰিব পাৰিব লাগে।
(আগলৈ...)
No comments